'সাম্প্ৰদায়িকতা ক'ৰ'নাতকৈ ভয়ানক,বেমাৰৰ কোনো ধৰ্ম-বৰ্ণ নাথাকে,মহামাৰী ধৰ্মনিৰপেক্ষ'-আব্দুল খালেক

Pic

মহামাৰী ক'ৰ'না ভাইৰাছ সন্দৰ্ভত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া।অসমত ১৬ জনকৈ লোক ক'ৰ'না ভাইৰাছত আক্রান্ত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা সাংসদগৰাকীৰ। ক'ৰ'নাই সমগ্ৰ মানৱ জাতি আৰু দেশলৈ দুৰ্যোগ কঢ়িয়াই আনিছে।দেশত অৰ্ধশতাধিকতকৈ অধিক ব্যক্তিৰ মৃত্যু হৈছে।য'ত হিন্দু, মুছলমান,শিখ সকলোধৰণৰ ব্যক্তি আছে।কিন্তু অসমৰ লগতে দেশত একাংশই নিজামুদ্দিনৰ তবলিগ জামাতৰ মৰ্কজৰ ঘটনাক কেন্দ্ৰ কৰি গোটেই ঘটনাটোক  সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে সাংসদ খালেকে।তবলিগ জামাতে নিজামুদ্দিন মৰ্কজত  অজ্ঞাতবশত: বা অন্য  কাৰণতে হওক, সেয়া সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়-"একে সময়তে নিজামুদ্দিন মৰ্কজৰ মাত্ৰ দুশ মিটাৰ দূৰত্বত থকা নিজামুদ্দিন আৰক্ষী চকী তথা দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাটো গৰিহণাযোগ্য।"সমগ্ৰ ঘটনাত দিল্লীৰ ৰাজ্য চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলি তাৎপৰ্যণপূৰ্ণ মন্তব্য প্ৰকাশ কৰি খালেকে কয়- "যিসকল এতিয়ালৈকে নিখোজ হৈ আছে তেওঁলোকলৈ অনুৰোধ,নিজৰ লগতে পৰিয়ালৰ তথা সমাজ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে যিমান সোনকালে পাৰি ওচৰৰ চিকিৎসা কেন্দ্ৰত যোগাযোগ কৰিব লাগে।বেমাৰৰ কোনো ধৰ্ম-বৰ্ণ নাথাকে।মহামাৰী ধৰ্মনিৰপেক্ষ।এই বেমাৰক কেন্দ্ৰ কৰি ৰাজনীতি যাতে কোনেও নকৰে"- সকলোকে আহ্বান জনাই খালেকে।

'প্ৰধানমন্ত্ৰীৰ আহ্বানত লকডাউন সকলোৱে মানিছোঁ।ক'ৰবাত ত্ৰুটী  হৈছে,সেয়া বেলেগ কথা।লকডাউন সুপৰিকল্পিতভাৱে কৰা হোৱা নাছিল।যাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত শ্ৰমিক আৰু শ্ৰমজীৱী লোকসকল আবদ্ধ হৈ আছে।খাদ্য সংকট হৈছে।অসম তথা বৰপেটা লোকসভাৰ সমষ্টিৰো বহু লোক বিভিন্ন ৰাজ্যত খাদ্য সংকটত ভুগি আছে।একেদৰে ৰাজ্যতো বিভিন্ন জিলাত বহু লোক আৱদ্ধ হৈ আছে।তেওঁলোকক সহায় কৰিবলৈ কিছু সক্ষম হৈছোঁ যদিও কিছু ব্যৰ্থ হৈছোঁ লোকসকলক যি যেনেকৈ পাৰে সহায় কৰিব লাগে।'সাংসদগৰাকীৰ সকলোলৈ মুকলি আহ্বান।

সাম্প্ৰদায়িকতা ক'ৰ'নাতকৈ বেছি ভয়ানক বুলি উল্লেখ কৰি খালেকে কয়-"অসমৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক'ৰ'না প্ৰতিৰোধৰ বাবে যি ব্যৱস্থা লৈছে,তাক শলাগি আহিছোঁ।কিন্তু একে সময়তে তেওঁ যিদৰে ক'ৰ'না ৰোগীৰ নাম যোৱা কেইদিনমান ধৰি প্ৰকাশ কৰি আহিছে, সেয়া ৰাজ্যৰ সামাজিক স্বাস্থ্যৰ বাবে মংগলজনক নহয়।"দেশত যিসকল বৰ্তমান সময়লৈকে মৃত্যু হৈছে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।গতিকে অসমৰ সংবাদ মাধ্যমত ক'ৰনা আক্রান্তসকলৰ নাম প্ৰকাশ কৰাটো কিমান দূৰ সমীচিন।সেই কথা স্বাস্থ্য মন্ত্ৰীক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই সাংসদ খালেকে।

Your Comments