ক'ৰ'নাৰ ত্ৰাস:দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা ৰাজ্যৰ ২১৬জন ব্যক্তিৰ তথ্য নাই প্ৰশাসনৰ হাতত

Pic

'লকডাউন'ৰ মাজতে এটা ভয়ংকৰ খবৰ।দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানলৈ যোৱা অসমৰ ২১৬গৰাকী ব্যক্তিৰ তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত।ফলত চিন্তাত পৰিছে ৰাজ্য স্বাস্থ্য বিভাগ।ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিছে এই কথা।যদি ব্যক্তিসকল মনে-মনে আহি ক'ৰবাত লুকাই আছে,তেন্তে এই খবৰ স্বাস্থ্য বিভাগক অথবা প্ৰশাসনক দিবলৈ  আহ্বান জনাইছে।স্বাস্থ্য বিভাগে মুকলি কৰা ১০৪হেল্পলাইন নম্বৰত ধৰ্মীয় অনুষ্ঠানলৈ যোৱা ব্যক্তিসকলক প্ৰত্যক্ষ কৰিলে খবৰ দিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ধৰ্মীয় অনুষ্ঠানটোত অসমৰ মৰিগাঁও জিলাৰ ১৮০জন আৰু নগাঁও জিলাৰ ২৮জন ব্যক্তি গৈছিল।কিন্তু ব্যক্তিসকল অসমলৈ ঘূৰি অহাৰ কোনো তথ্য নাই সংশ্লিষ্ট প্ৰশাসনৰ হাতত।

গুৰুত্বপূৰ্ণ যে শেহতীয়াভাৱে ধৰ্মীয় অনুষ্ঠানটোত আছিল মুঠ ১৮৩০ গৰাকী লোক।বৰ্তমান সময়লৈকে ১০০০গৰাকী লোকক উদ্ধাৰ কৰা হৈছে।তাৰে ৩শ ব্যক্তিক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।তাৰে ২শ গৰাকীৰ ব্যক্তিৰে স্বাস্থ্য পৰীক্ষা কৰোঁঁতে ২৪ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে "ক'ভিড-১৯"ৰ উপস্থিতি।তাৰে ৯জন ব্যক্তিৰ মৃত্যু হৈছে।মৃত ব্যক্তিসকলৰ দেহত পোৱা গৈছে ক'ভিড-১৯ৰ উপস্থিতি।ধৰ্মীয় অনুষ্ঠানটোৰ পৰা সংক্ৰমণ হৈছে মাৰাত্মক ক'ভিড-১৯ৰ।

ধৰ্মীয় অনুষ্ঠানটোলৈ যোৱা ৭০০ ব্যক্তিক বৰ্তমান ৰখা হৈছে কোৱাৰাণ্টাইনত।

Your Comments