আৰক্ষী জোৱান বিশ্বজিৎ চেতিয়াৰ আৰক্ষীলৈ আহ্বান-"আমাৰ প্ৰতি থকা পাব্লিকৰ শ্ৰদ্ধা,মৰম,ভালপোৱা একেদৰে থাকিবলৈ দিয়ক"

Pic

বিশ্বত্ৰাস ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ লগতে সমগ্ৰ দেশত মঙলবাৰৰ পৰা ঘোষণা কৰা হৈছে লকডাউন।লকডাউনৰ সময়ত জৰুৰীকালীন সেৱা,অত্যাৱশ্যকীয় সেৱা আৰু খাদ্য-সামগ্ৰী সেৱা ৰাইজৰ বাবে খুলি ৰখা হৈছে।তাৰ বাদে সকলো সেৱা ২১ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।বিনা কাৰণত জনতাক ঘৰৰ পৰা বাহিৰ নোলাবলৈ চৰকাৰ প্ৰশাসনে আহ্বান জনাইছে।কোৱা হৈছে নিয়ম ভয়ংকাৰী লোকৰ বিৰুদ্ধে আইন অনুসৰি গ্ৰহণ কৰা হ'ব ৬ মাহৰ পৰা ২ বছৰ পৰ্যন্ত জে'ল। নিয়ম ভংগকাৰীক দেখা মাত্ৰকে আইন অনুসৰি বিহীত ব্যৱস্থা ল'বলৈ ইতিমধ্যে চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনক।চৰকাৰে দিয়া নির্দেশ পালন কৰাৰ কথা কৈ লক ডাউনৰ প্ৰথম দিনটোত (বুধবাৰ) আৰু বৃহস্পতিবাৰৰ দ্বিতীয় দিনটোত জনতাৰ ওপৰত বৰ্বৰ লাঠীচার্জ অব্যাহত ৰাখিছে।জনতাৰ ওপৰত চলোৱা আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ বন্ধ কৰাৰ আহ্বান জনাই অসম আৰক্ষীতে কৰ্মৰত এগৰাকী জোৱানে সামাজিক মাধ্যম ফেচবুকত জনাইছে বিশেষ আহ্বান।আৰক্ষীৰ জোৱান বিশ্বজিৎ চেতিয়াই অসম আৰক্ষী আৰু ৰাইজক আহ্বান জনাই লিখিছে এইদৰে- "প্ৰথমেই মই পুলিচ প্ৰশাসনৰ প্ৰত্যেকজন বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁঁ।কাৰণ নিজৰ জীৱন আওকান কৰি পাব্লিকৰ বাবে ইমানখিনি কৰিছে।বৰ্তমান ময়ো এই প্ৰশাসনৰে কৰ্ম্মৰত এজন যুৱক।আমিও দিন-ৰাতি একাকাৰ কৰি ডিউটি কৰি আছোঁ। কিন্তু এটা বিশেষ অনুৰোধ আমাৰ প্ৰশাসনৰ সকলো বন্ধুলৈ,আমাৰ প্ৰতি পাব্লিকৰ থকা এই শ্ৰদ্ধা,মৰম, ভালপোৱাবোৰ একেদৰেই থাকিব দিয়ক।কিন্তু যোৱা দুদিন ধৰি নিউজ চেনেলবোৰত যিবোৰ দেখিছোঁ নিজৰে বেয়া লাগিছে, ইমান বেয়াকৈ মানুহবোৰক মাৰধৰ কৰিছে? কথা নাই বতৰা নাই, সোধ নাই পোছ নাই খেদি খেদি মাৰিছে। আৰে কমচে-কম এবাৰ সোধক।কিবা বিশেষ জৰুৰীকালীন অৱস্থা হ'ব পাৰে।আৰু নহ'ব যে মানেই নাই,কাৰণ ক'ৰ'নাক লৈ আমাৰ জনতা আগৰ পৰাই সজাগ হৈ থকা নাছিল আৰু সময় নাপালে তাৰ আগতেই ক'ৰ'নাই ভয়ানক ৰূপ ধাৰণ কৰিলে।এটাই অনুৰোধ মোৰ বন্ধু সকলোলৈ,সিহঁতবোৰ আমাৰে ভাই ককাই,দেউতা হয়।আমাৰ যেনেকৈ এখন ঘৰ আছে,পৰিয়াল আছে,সবৰে একেই।মোৰ ঘৰতো বৰ্তমান অকল মা-দেউতা, মোৰ দেউতাও হয়তো কিবা এটা দৰকাৰ হ'লে ওলাই যাবই লাগিব।ঠিক বেলেগসকলৰো এই কেইদিন একেই অৱস্থা হ'ব।গতিকে মই এটাই অনুৰোধ কৰিছো ইমান বেয়া কৈ মাৰধৰ নকৰিব।পাৰিলে অলপ সহায় কৰক,কাৰণ এ টি এম, তেল ডিপ' খুলিছে যেতিয়া মানুহ এজন- দুজন আহিবই বা আহিব খোৱাবস্তু এটা নিবৰ বাবে। মই আমাৰ জনতাক অনুৰোধ কৰিছো বিনা কাৰণত অনুগ্ৰহ কৰি ওলাই নাহিব।কাৰণ,চিকিৎসাৰ ক্ষেত্ৰত আমাৰ ভাৰত বহুত পিছত আছে,হয়তো সকলোয়ে গম পায়।কিবা এটা হবলৈ হ'লে,আমাৰ কি অৱস্থা হ'ব আপুনি-মই ভাবিব নোৱাৰোঁ।গতিকে ঘৰৰ ভিতৰতে থাকক,আমাকো আমাৰ ডিউটি ভালকৈ কৰিব দিয়ক।আমাক বাধ্য নকৰিব কিবা এটা বেয়া কৰিবলৈ,আমি আপোনালোকৰ বেয়াতো নিবিচাৰোঁ।জীৱন থাকিলে সকলো পিচে-পৰেও কৰিব পাৰিব,এতিয়া মাথো পৰিয়ালৰ লগত ঘৰতে থাকক।আজিৰ ক'ৰ'না ভাইৰাচৰ সংক্ৰমণো কেইদিনমানৰ পিছত সমাধান হৈ যাব।যুগ-যুধৰি এনে ধৰণৰ ঘটনা ঘটি আহিছে মানুহৰ সভ্যতাত।সেয়েহে সতৰ্ক হওক, বিচলিত নহব"। উল্লেখ যে আৰক্ষীৰ জোৱানজনৰ ঘৰ তিনিচুকীয়াত।অসম আৰক্ষীৰ কমাণ্ডো জোৱান বিশ্বজিৎ।

Your Comments