পাণবজাৰ থানাৰ ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত জামিন লাভ কৃষক নেতা অখিল গগৈৰ

Pic

কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে পাণবজাৰ থানাত ৰুজু হোৱা ০০০১/২০২০ নম্বৰৰ ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত জামিন মঞ্জুৰ।বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে অভিযুক্ত গগৈৰ জামিন মঞ্জুৰ কৰে।নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ তুলি ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পাণবজাৰ থানাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিছিল গগৈসহ অন্য দুই সতীৰ্থক।উক্ত দিনা আদালতে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত নিদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অভিযুক্তক গগৈসহ দুই সতীৰ্থক। উল্লেখ যে অভিযুক্ত গগৈৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা শান্তনু বৰঠাকুৰ আৰু পল্লবী বৰাই। গুৰুত্বপূৰ্ণ কথা ই যে বৃহস্পতিবাৰে এই গোচৰত গগৈয়ে জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই।কাৰণ ইতিমধ্যে শিৱসাগৰ কাৰাগাৰত দেশদ্ৰোহৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। ইফালে আদালতে গগৈৰ দুই সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ বৃহস্পতিবাৰে জামিন মঞ্জুৰ নকৰিলে।বৰ্তমান দুয়োগৰাকী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

Your Comments