প্ৰথমতে এক সপ্তাহলৈ সাজু হোৱা ৰাজ্যৰ যোগান বিভাগে এতিয়া ২১দিনৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু :মন্ত্ৰী ফনীভূষণ চৌধুৰী

Fani

নিউজ ডেস্ক :
ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা এক সপ্তাহৰ লকডাউনৰ বাবে সাজু হৈছিল ৰাজ্য যোগান বিভাগ।তেনে সময়তে দেশত ক'ৰোনাৰ  ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি ২১দিনৰ বাবে দেশজুৰি ঘোষণা হ'ল লকডাউন।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে।দিছপুৰৰ জনতা ভৱনত ২১দিনযোৰা এই ৰাষ্ট্ৰীয় লকডাউনৰ সময়ত কিদৰে জনতাই খাদ্য-সামগ্রী লাভ কৰিব সেই কথাৰ আঁত ধৰি এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী চৌধুৰীয়ে ৰাইজক শংকিত নহবলৈ আহ্বান জনায় তেওঁ কয় যে এক সপ্তাহৰ লকডাউনৰ বাবে আমি সাজু হৈছিলোঁ যদিও ২১দিনৰ লক ডাউন চম্ভালিব পৰাকৈ আমাৰ হাতত সামগ্ৰী মজুত আছে।বুধবাৰে জিলা সমূহত মজুত থকা খাদ্য-সামগ্ৰীৰ এখন তথ্য তেওঁ দাঙি ধৰি কয় ৰাজ্যত বৰ্তমান মজুত আছে ২লাখ কুইন্টল চাউল,
৬৩ হাজাৰ ৫৬ কুইন্টল মছুৰ, ১০ হাজাৰ ৯২৩কুইন্টল মগুদালি,৭৫ হাজাৰ ৫৫২কুইন্টল চেনী, ৫৬হাজাৰ ৩৭০ লিটাৰ মিঠাতেল,১২হাজাৰ ৮৭৯কুইণ্টল আটা, পিয়াজ লাখ১৪ ৩০০কুইণ্টল, নিমখ ১লাখ ৩৫হাজাৰ ৯৯৭ কুইণ্টল।

উল্লেখ্য যে অন্য কিছু সামগ্ৰী  আহি থকা বুলিও তেওঁ জানিবলৈ দিয়ে।তাৰে কিছুমান ট্ৰাক অহাৰ ক্ষেত্ৰত অসম-পশ্চিম বংগৰ শ্ৰীৰামপূৰ-বক্সিহাত গেট পাৰ হৈ আহিবলৈ দিয়া নাই বুলি উল্লেখ কৰাৰ লগতে ট্ৰাক সমূহ পাৰ কৰি অনাৰ বাবে পশ্চিম বংগ চৰকাৰৰ লগতে ভাৰত চৰকাৰ লগতো যোগাযোগ কৰা বুলি সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

এই সময়ত কোনো অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰা দৃষ্টিগোচৰ হলে তেওঁলোকৰ বিৰুদ্ধ দুই-তিনিদিনৰ ভিতৰত ব্যবস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে।

এই সময়ছোৱাত প্ৰত্যেক জিলা উপায়ুক্তকৰ লগত সামগ্ৰী সমুহ ৰাইজক ঘৰত দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় নিকি তাৰ বাবে আলোচনা চলি থকা বুলিও সংবাদ মেলত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উল্লেখ কৰে।

Your Comments