অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া মহিলা বক্সাৰ লাভলীনাৰ সাফল্যত গোলাঘাটত আনন্দৰ জোৱাৰ

Lovelina

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন: গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলীনা বৰগোঁহাই।২০১২ চনৰ পৰা বক্সিঙৰ ক্ষেত্ৰখনত জড়িত হৈ ক্ৰমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্ত:ৰাষ্ট্ৰীয় স্তৰ কমনৱেলথ,বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ পদকেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা লাভলীনাৰ শেহতীয়া সাফল্য হ'ল টকিঅ' অলিম্পিকলৈ নিৰ্বাচিত হোৱা।বক্সাৰগৰাকীৰ এনে সাফল্যত গৃহ অঞ্চলৰ লগতে গোলাঘাটতো আনন্দৰ জোৱাৰ উঠিছে।সততে পিতৃ-মাতৃ টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ অশেষ কষ্ট,ত্যাগ আৰু অৱদানৰ কথা কোৱা লাভলীনাৰ সপোন আছিল অলিম্পিক খেলা।বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত দিল্লীৰ লগতে বিদেশত কঠোৰ অনুশীলন অব্যাহত ৰখা তথা উচ্চ প্ৰশিক্ষণৰ অন্তত অৱশেষত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ভাৰতবৰ্ষৰ লগতে প্ৰথম মহিলা অসমীয়া অলিম্পিয়ান হোৱাত গৃহ চহৰ গোলাঘাটত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।গোলাঘাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজে লাভলীনাক শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক টকিঅ' অলিম্পিকত সাফল্য কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰিছে।

Your Comments