নগাঁৱৰ কুজীডাঁহত প্ৰাইজমানি ক্ৰিকেট আৰম্ভ

Nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ  শৰ্মাৰ প্ৰতিবেদন :

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ হাতীচোং ক্ৰিকেট ক্লাৱৰ সৌজ্যনত মংগলবাৰৰে পৰা  কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখনি সদৌ অসমভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে । এই প্ৰতিযোগিতাৰ  উদ্বোধনী খেলখনত হাতীচোং কলেজ ক্ৰিকেট দলে কুৰুৱাবাহী ক্ৰিকেট ক্লাৱক তিনি উইকেটত পৰাজিত কৰে । খেলখনত কুৰুৱাবাহী ক্ৰিকেট ক্লাৱে টছত জিকি পোনতে বেট ধৰি ত্ৰিদীপ বৰাৰ ৩৯ , স্বপন ডেকাৰ ৩৫ আৰু পৰাশ প্ৰাচ্যুৰ্য ভূঞাৰ ২০ ৰানৰ উল্লেখনীয় অৱদানৰে ১০ অভাৰত সাতটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে । বলিঙত হাতীচোং কলেজৰ হৈ অনুপম ভূঞাই চাৰিটা , সোনেশ্বৰ হীৰা,বিভান বৰদলৈ আৰু জ্ঞানজ্যোতি ডেকাই এটাকৈ উইকেট পায় । প্ৰত্যুতৰত হাতীচোং কলেজ ক্ৰিকেট দলে বেট ধৰি কৃতিকমল বৰদলৈ হুকাইৰ ৪২ , বিভান বৰদলৈৰ ৩০, হিৰণজ্যোতি ডেকাৰ ২১ আৰু বিশাল বৰাৰ ১৪ ৰানৰ উল্লেখনীয় বৰঙনিৰে ৯.২ অভাৰত সাতটা উইকেটৰ বিনিময়ত ১২৯ ৰান সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয় । বলিঙত কুৰুৱাবাহী ক্ৰিকেট ক্লাৱৰ হৈ পৰশ প্ৰাচ্যুৰ্য ভূঞাই তিনিটা , পলাশ ভৈৰৱ শৰ্মাই দুটা, বনজিৎ গৌতম আৰু মানস শইকীয়াই এটাকৈ উইকেট হস্তগত কৰে । খেলখনত আম্পায়ৰৰূপে  প্ৰানতোষ হাজৰিকা আৰু বিজেন্দ্ৰ কুমাৰ দাস আছিল । মুঠ ১৬ টা দলৰ মাজত সীমাবদ্ধ ৰখা এই প্ৰতিযোগিতা মংগলবাৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ হিৰন্য ভূঞা, সহকাৰী অধ্যাপক মজিবুৰ ৰহমান , যুৱকৰ্মী জয়ন্ত বৰা , ৰাজা দাস আদি উপস্থিত থাকে । প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত লক্ষীনগৰ ক্ৰিকেট দলে কহিগুৰি ক্ৰিকেট ক্লাৱক ৩০ ৰানত পৰাজিত কৰে ।

Your Comments