'দিল্লীৰ হিংসাৰ সময়ত মূক দৰ্শক হৈ আছিল কেন্দ্ৰীয় চৰকাৰ'-ছোনিয়া গান্ধী

Pic

দিল্লীৰ হিংসা আৰু সংঘৰ্ষ সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছৰ অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে।ৰাষ্ট্ৰপতিক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ সময়ত তেওঁৰ সৈতে আছিল প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃমনমোহন সিং,গোলাম নবী আজাদকে ধৰি কেইবাগৰাকী আগশাৰীৰ কংগ্ৰেছ নেতা।ৰাষ্ট্ৰপতিক প্ৰদান কৰা স্মাৰক-পত্ৰত কংগ্ৰেছে হিংসাত জড়িতসকলৰ শাস্তি প্ৰদানৰ দাবী জনায়।লগতে,হিংসাত পীড়িতসকলৰ উপযুক্ত সাহায্য প্ৰদান নিশ্চিত হোৱাতো বিচাৰে।স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পিছত ছোনিয়া গান্ধীয়ে কয় যে হিংসাৰ সময়ত মূক দৰ্শক হৈ আছিল কেন্দ্ৰীয় চৰকাৰ।চৰকাৰৰ অৱহেলাৰ বাবে কেইবাজনো লোকৰ প্ৰাণ গ'ল।

Your Comments