"থলুৱাৰ বাবে ৫১,৭১ ভিত্তিবর্ষ নালাগে,যদি হয় ইয়াণ্ডাবু চুক্তিৰ পৰা হওক"-ভাৰতীয় গোৰ্খা পৰিষদ

Pic

"গোৰ্খাসকল অসমৰ একমাত্ৰ জাতি,যি নিজকে অসমীয়া হয় বুলি প্ৰতিষ্ঠা কৰিবলৈ আন্দোলন কৰি আছে।অসম চুক্তিৰ ৬নং দফাত অন্তভুক্তি হ'বলৈ গোৰ্খাসকলে ২৫০পৃষ্ঠাৰ প্ৰতিবেদন দিছে অসম চুক্তিৰ ৬নং দফা কমিটীক"-এই কথা জানিবলৈ দিয়ে ভাৰতীয় গোৰ্খা পৰিষদৰ সভাপতি প্ৰকাশ দাহালে।স্বাক্ষৰিত বড়ো শান্তি চুক্তি চমুকৈ বিটিআৰক ঐতিহাসিক আখ্যা প্ৰদান কৰি দিছ্পুৰ প্ৰেছ ক্লাবত দাহালে কয়-"বড়ো সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা কৈ অহা পৃথক বড়োলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰিছে।যি নেকি ভাল কথা।"

পূৰ্বৰ চুক্তিসমূহতকৈ এই চুক্তিখন পৃথক বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে আৰু কয়-"চুক্তিত সকলো বড়ো সংগঠন ঐক্যবদ্ধ হৈছে আৰু সহযোগ কৰিছে।আগৰ চুক্তিকেইখনত সকলো বড়ো বিদ্ৰোহী সংগঠন নাছিল।"

বিটিআৰ চুক্তি স্বাক্ষৰৰ পূৰ্বে অবড়ো সংগঠনসমূহৰ সৈতে কোনো আলোচনা নকৰাকৈ বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাত অবড়ো সংগঠনসমূহে চুক্তিখন চূড়ান্ত নহয় বুলি কোৱা প্ৰসংগক আঁঁত ধৰি সংগঠনটোৱে কয়-"চুক্তিয়ে সকলোকে সুৰক্ষা দিব।চুক্তিখন কাৰ্যকৰী কৰাৰ বাবে জাতীয় সংগঠনসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।কোনো অবড়ো জনগোষ্ঠীক যদি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰে,বড়ো নেতৃত্বৰে আলোচনা কৰিব লাগে।প্ৰথমে সকলোৱে চুক্তি কাৰ্যকৰী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে।"

"গোৰ্খাসকল থলুৱা।থলুৱা মানুহৰ ক্ষেত্ৰত খিলঞ্জীয়া নিৰ্ধাৰণৰ বাবে কোনো নিৰ্দিষ্ট ভিত্তিবর্ষ আহিব নালাগে।যদি ভিত্তিবর্ষ থাকিব লাগে ৫১,৭১ নহয়।ইয়াণ্ডাবু চুক্তিৰ পৰা হওঁক"-এই কথা প্ৰকাশ কৰে ভাৰতীয় গোৰ্খা যুৱ পৰিষদৰ সভাপতি নন্দ কিৰীতি দিৱানে।

Your Comments