সলনি হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম:চলিত বর্ষৰ মাৰ্চ মাহত গঠন কৰা হ'ব কমিটী

Pic

২০১০ৰ পিছত প্ৰথমবাৰলৈ সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম।যাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আৰম্ভ কৰিছে প্ৰস্তুতি।চলিত বৰ্ষত অথবা ২০২১ বৰ্ষৰ ভিতৰত শিক্ষা সংসদে সলনি কৰিব উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰম।যাৰ বাবে মাৰ্চ মাহত গঠন কৰা হ’ব কমিটী।শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিক লৈ গঠন হ’ব পাঁচজনীয়া কমিটী। কমিটিখনৰ সদস্যসকলে চোৱা–চিতা কৰিব উচ্চতৰ মাধ্যমিকত কি কি পাঠ্যক্ৰম সলনি কৰিব আৰু কি কি নতুনকৈ অন্তৰ্ভুক্ত কৰিব।

পাঠ্যক্ৰম সলনি কৰা সম্পৰ্কত সচিব মনোৰঞ্জন কাকতিয়ে এই সম্পৰ্কত কয়-'এই বছৰ পাঠ্যক্ৰম সলনি কৰাৰ বাবে কিছু অসুবিধা হব পাৰে,কিন্তু অহা বছৰ পাঠ্যক্ৰম সলনি কৰাটো নিশ্চিত।

'ইফালে,ৰাজ্যত বৃত্তিমুুখী শাখাত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱাৰ বাবে শিক্ষা সংসদে গ্ৰহণ কৰিছে আন এটা পদক্ষেপ।বৰ্তমানৰ ১৫ টাৰ সলনি ২৫ টালৈ বৃদ্ধি কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমৰ বিষয়।চলিত বৰ্ষৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ল'ব পাৰিব এই নতুন বিষয়সমূহ।উল্লেখযোগ্য যে ২০১৯-২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বৃত্তিমুখী শাখাত অৱতীৰ্ণ  হৈছে মাত্ৰ ৮৬৮    গৰাকী।ইয়াৰ পূৰ্বৰ বছৰ ২০১৮-১৯ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৯১০ গৰাকী।

Your Comments