বিৰাট কোহলিৰ শোচনীয় প্ৰদৰ্শন অব্যাহত:মূল্য ভৰিব লগা হৈছে ভাৰতীয় দলে

Pic

ভাৰতীয় ক্ৰিকেট দল আৰু ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে দু:খবৰ।অধিনায়ক বিৰাট কোহলিৰ বেয়া ফৰ্ম অব্যাহত আছে।নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কোহলিয়ে কৰে যথাক্ৰমে ২ আৰু ১৯ ৰাণ।আনহাতে,চলিত নিউজিলেণ্ড ভ্ৰমণত কোহলিয়ে ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ ৯ টা ইনিংছত ২০১ ৰাণ সংগ্ৰহ কৰিছে।কোহলিৰ বেয়া ফৰ্মৰ প্ৰমাণ ইয়াতো পোৱা যায় যে বিগত ২০ টা ইনিংছত 'ৰাণ মেচিন' বুলি খ্যাত খেলুৱৈজনে এটাও শতক অৰ্জন কৰিব পৰা নাই।বিৰাট কোহলিৰ বেয়া ফৰ্মৰ মূল্য ভাৰতীয় দলে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হৈ বাৰুকৈয়ে ভৰিব লগা হৈছে।

 

Your Comments