ইৰাণৰ সেনাৰ ক্ষেপণাস্ত্ৰৰ আঘাতত তেহৰাণত ধ্বংস হৈছিল ইউক্ৰেইনৰ ব'ইং বিমান:স্বীকাৰ কৰিলে ইৰাণী ৰাষ্ট্ৰপতিয়ে

Pic

যোৱা ৮ জানুৱাৰীৰ দিনা ইৰাণৰ ৰাজধানী তেহৰাণৰ খোমেইনি আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপত যিখন ইউক্ৰেইনৰ ব'ইং বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল,সেইখন ইৰাণৰ সেনাৰ ক্ষেপণাস্ত্ৰৰ আঘাততে ভূপতিত হৈছিল।শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে টুইট কৰি এই কথা শনিবাৰে স্বীকাৰ কৰে।ইৰাণৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰি ঘটনাটোৰ বাবে গভীৰ শোক প্ৰকাশ কৰে।তেওঁ ইয়াক অক্ষমণীয় মানৱীয় ভুল বুলি আখ্যা দিয়ে।উল্লেখযোগ্য যে আমেৰিকাৰ সৈতে ইৰাণৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত ইৰাকত থকা আমেৰিকাৰ সৈন্যৰ  ঘাটিত ২০ টাৰো অধিক বেলেষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল ইৰাণে।মাৰ্কিন যুঁজাৰু বিমানে আক্ৰমণ কৰিব অহা বুলি ভাবিয়েই ইৰাণৰ সেনাই যাত্ৰীবাহী বিমানখনলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি ভবাৰ থল আছে।বিগত দিনবোৰত ইৰাণে বিমানখন ইৰাণৰ সেনাৰ ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হোৱা নাই বুলি দৃঢ়তাৰে কৈ আহিছিল।

Pic

আনহাতে,কানাডা,আমেৰিকা আদি ৰাষ্ট্ৰসমূহে প্ৰথমৰে পৰাই বিমানখন ইৰাণৰ নিজৰে ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হোৱা বুলি কৈ আহিছিল।স্মৰ্তব্য যে বিমান দুৰ্ঘটনাটোত ইৰাণৰ ৮২ জন নাগৰিক আৰু কানাডাৰ ৬৩ জন লোকৰ সৈতে ১৭৬ গৰাকী লোকৰ মৃত্যু হৈছিল।

Your Comments