পাকিস্তানত ৰন্ধন গেছৰ গুৰুতৰ নাটনি:গভীৰ সংকটত দেশবাসী

Pic

সকলো দিশৰ পৰা গভীৰ সংকটত সোমাই পৰিছে পাকিস্তান।গভীৰ অৰ্থনৈতিক সংকটত দিকবিদিক হেৰুৱাই পেলোৱা দেশখনত এতিয়া ৰন্ধন গেছৰ গুৰুতৰ নাটনিয়ে দেখা দিছে।ঘৰে ঘৰে পাইপ লাইন যোগে ৰন্ধন গেছৰ যোগান ধৰা হোৱা দেশখনত এতিয়া কেইবাঘন্টা ধৰি বন্ধ হৈ থাকিবলৈ ধৰিছে গেছ যোগান।লাহোৰ আৰু কৰাচীৰ দৰে বৃহৎ মহানগৰসমূহত গেছৰ অভাৱত মানুহে  জুই জ্বলাই খাদ্য ৰান্ধিবলৈ বাধ্য হৈছে।ইফালে,চিএনজিৰো গুৰুতৰ নাটনি হোৱাত দেশখনত যান-বাহন চলাচলৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে।

Your Comments