'পাকিস্তানত সন্ত্ৰাসবাদী সংগঠনক দমন কৰাত ব্যৰ্থ পাকিস্তান চৰকাৰ'-আমেৰিকাৰ বিদেশ বিভাগ

Imran

পাকিস্তান যে সন্ত্ৰাসবাদৰ সর্বদা পৃষ্ঠপোষক,সেই কথা পুনৰ প্ৰমাণ হ'ল।আমেৰিকাৰ বিদেশ বিভাগে এটা প্ৰতিবেদনত কৈছে যে পাকিস্তানে জৈছ-ঈ-মহম্মদ,লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ধন সংগ্ৰহ কৰা,সদস্য ভৰ্তি কৰা,সদস্যক প্ৰশিক্ষণ দিয়াটো বন্ধ কৰিবলৈ বহুলাংশে সফল হোৱা নাই।আনকি,পাকিস্তান চৰকাৰে উল্লিখিত সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে সংযুক্ত ৰাজনৈতিক দলক চলিত বৰ্ষত অনুষ্ঠিত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো বাধা দিব নোৱাৰিলে।

Your Comments