জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিষয়ত ভাৰতক সমৰ্থন কৰিছে বাংলাদেশে।বাংলাদেশৰ বিদেশ মন্ত্ৰণালয়ে বক্তব্য প্ৰকাশ কৰিছে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সিদ্ধান্ত ভাৰতৰ আভ্যন্তৰীণ বিষয়।আঞ্চলিক শান্তি বৰ্তাই ৰখা আৰু বিকাশ সাধন কৰা সকলো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়।৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ বিষয়ত বাংলাদেশে ভাৰতক সমৰ্থন জনোৱাটো পাকিস্তানৰ প্ৰতি এটা আঘাত হিচাপে চিহ্নিত হৈছে।
- Log in to post comments
- 122 views
