নিউজ এএছএন নিউজ ডেস্ক : ২৮ জুন
‘ৰঙা গ্ৰহ’ মঙল প্ৰতি ২৬ মাহৰ মূৰে মূৰে ইয়াৰ কক্ষপথত পৃথিৱীৰ কাষ চাপে। কিন্তু চিলত বৰ্ষত ১৫ বছৰৰ মূৰত কক্ষপথত মঙল আৰু পৃথিৱীয়ে সৰ্বনিম্ন দূৰত্বত অৱস্থান কৰিব অৰ্থাৎ ইটোৱে সিটোৰ সৰ্বাধিক কাষ চাপিব।উল্লেখ্য যে ২০০৩ চনত শেষবাৰৰ বাবে প্ৰায় ৬০ হাজাৰ বছৰৰ মূৰত মাত্ৰ ৫৫.৭ মিলিয়ন কিলোমিটাৰ দূৰত্বত মঙল গ্ৰহ পৃথিৱীৰ কাষ চাপিছিল। নাছাৰ মতে, অহা ২৭ জুলাইৰ পৰা ৩১ জুলাইৰ ভিতৰত মঙল গ্ৰহ পৃথিৱীৰ ওচৰ চাপিব আৰু ৩১ জুলাইৰ মাজনিশা পৃথিৱীৰ নিচেই কাষত অৱস্থান কৰিব। উক্ত তাৰিখত ৰঙা গ্ৰহটো আৰু পৃথিৱীৰ মাজত দূৰত্ব হ’ব মাত্ৰ ৩৫.৮ মিলিয়ন মাইল।
- Log in to post comments
- 159 views
