
আজি যুৱ প্ৰয়াস বেচৰকাৰী সংস্থাৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাখন সংস্থাৰ লখিমীনগৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ সংগতি ৰাখি ৰাতিপুৱা ৮ বজাৰ পৰা বৃক্ষৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচী শুভাৰম্ভ কৰে স্থানীয় সমাজ সেৱক ভদ্ৰেশ্বৰ তালুকদাৰ আৰু নৰেন মেধিয়ে ৷
৯.৩০ বজাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰি ডঃ মমতাজ আলীয়ে ৷ ৰামকৃষ্ণ হোমিঅ'পেথিক ক্লিনিকৰ সহযোগত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত ডাঃ হৰেকৃষ্ণ বিশ্বাস উপস্থিত থাকে৷
দিনৰ ১ বজাৰ পৰা যুৱ প্ৰয়াসৰ স্থায়ী সভাপতি কিশোৰ শিৱমৰ সভাপতিত্বত তৃতীয় বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত কামৰূপ, বৰপেটা, ধেমাজি, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক সোমনাথ তালুকদাৰ আৰু দিলীপ দাস ৷
আজিৰ সভাতে পুৰণি সমিতি ভংগ কৰি ১৫জনীয়া সদস্যৰে অখন নতুন সমিতি গঠন কৰা হয় ৷ নতুন সমিতিখনৰ বিষয়ববীয়াসকল হ'ল সভাপতি- কিশোৰ শিৱম, উপ-সভাপতি- ভাষ্কৰ নাথ, সাধাৰণ সম্পাদক- দীনেশ নাথ, সহঃসম্পাদক- সত্যজিৎ তালুকদাৰ, বিত্ত সম্পাদক- বনজিত দেৱশৰ্মা, সাংস্কৃতিক সম্পাদক- দিলীপ দাস, ক্ৰীড়া সম্পাদক- হিতেশ নাথ, সাংগঠনিক সম্পাদক- ইমৰান হুছেইন, তথ্য-প্ৰযুক্তি সম্পাদক- অৰুপ ডেকা৷
সদস্যসকল ক্ৰমে বিনয় নাথ, জোনালী দাস, যমুনা চেত্ৰী, নিৰুবতী ৰায়, লক্ষ্য কুমাৰ চহৰীয়া, লক্ষ্য কুমাৰ চেতিয়া আৰু মহেশ্বৰ লাহন ৷
- Log in to post comments
- 30 views