বিশ্বৰ প্ৰথম হাস্পতাল ৰে’লে ত্ৰিপুৰাত আগবঢ়ালে কেইবা হাজাৰো ৰোগীক চিকিৎসা

ো

বিশ্বৰ প্ৰথম চিকিৎসা ব্যৱস্থা থকা ‘লাইফ লাইন এক্সপ্ৰেছ’ বা ‘জীৱন ৰেখা এক্সপ্ৰেছ’ নামৰ ৰে’লখনে ত্ৰিপুৰাৰ অতি দুৰ্গম অঞ্চলৰ লোকসকলক চিকিৎসা সেৱা প্ৰদান বাবে চাওৰাইবাৰী ষ্টেচনত উপস্থিত হৈছে৷ বৰ্তমানলৈকে ইয়াত ১,০০০ৰো অধিক ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে৷ এই হাস্পতাল ৰে’লখনৰ যুটীয়া অধীক্ষকজনে জনোৱা মতে, প্ৰথম দিনটোতে ৪০০ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ আৰু দ্বিতীয় দিনা ৬০০ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে ৷

উল্লেখ্য যে, এই হাস্পতাল ৰে’লখনত চিকিৎসা সেৱাৰ লগত জড়িত বিভিন্ন প্ৰয়োজনীয় ব্যৱস্থা যেনে- ডায়গ্ন’ষ্টিক, উকৃষ্টমানৰ ঔষধ আৰু ততাতৈয়াকৈ অস্ত্ৰোপ্ৰচাৰ আদি উপলব্ধ ৷ আনহাতে, যুটীয়া অধীক্ষকজনে ইয়াকো জানিবলৈ দিয়ে যে- চকু, অস্থি ৰোগ, মুখৰ কেন্সাৰ, স্তন কেন্সাৰ আদি অস্ত্ৰোপ্ৰচাৰৰ সুবিধা ৰে’লখনৰ ভিতৰতে আছে৷

আনহাতে, উত্তৰ ত্ৰিপুৰাৰ মুখ্য চিকিৎসা বিষয়াজনে জনোৱা মতে স্বাস্থ্য বিভাগৰ ১১জন কৰ্মচাৰীয়ে এই ৰে’লখনত ৰোগীসকলক চিকিৎসা প্ৰদান কৰাত সহায় কৰে৷ চাউৰাবাৰী অতিৰিক্ত ষ্টেচন অধীক্ষক প্ৰশান্ত ভট্টাচাৰ্যই কয় যে- এই ৰে’লখন ত্ৰিপুৰাত ১৬ ডিচেম্বৰত উপস্থিত হৈ ৬ জানুৱাৰী ২০১৯ পৰ্যন্তলৈ স্বাস্থ্য সেৱা প্ৰদান কৰিব৷ উল্লেখযোগ্য যে, ১৯৯১ চনৰ পৰা ‘লাইফ লাইন এক্সপ্ৰেছে’ বা ‘জীৱন ৰেখা এক্সপ্ৰেছে’ দেশৰ ২০খন ৰাজ্যৰ ১৮৪ জিলাৰ ১০ লাখ লোকক চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ 

Your Comments