মোডীক শুবলৈ নিদিওঁ : ৰাহুলৰ হুংকাৰ

মোডীক শুবলৈ নিদিওঁ : ৰাহুলৰ হুংকাৰ

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ চোক অব্যাহত ৰাখি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মঙলবাৰে কয়, "যেতিয়ালৈকে কৃষকৰ সমস্যা সমাধান নহয়, মোডীক শুবলৈ নিদিওঁ ৷"

চত্তীশগড় আৰু মধ্য প্ৰদেশত কংগ্ৰেছে চৰকাৰ গঠনৰ এদিন পিছতে কৃষি ঋণ মাফ দিয়াৰ কথা ঘোষণা কৰাৰ পিছত ৰাহুল গান্ধীয়ে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ী, কৃষক আৰু ১৫-২০গৰাকী ধনৱান ব্যৱসায়ীৰ ভিতৰতে তেওঁৰ মূল যুঁজখন বুলি আঙুলিয়াই দিয়ে ৷

উল্লেখ্য যে বিগত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে কৃষি উৎপাদনত হোৱা লোকচান আৰু কৃষি ঋণৰ অত্যধিক বোজা- এই দুটাকে মূল ইচ্ছ্যু হিচাপে গ্ৰহণ কৰিছিল ৷

ইখনৰ পিছত সিখন বৈঠকত হোৱা আলোচনামৰ্মে দলৰ নেতাসকলে নিৰ্বাচনৰ পূৰ্বে কৃষি ঋণ মাফৰ বাবে দিয়া প্ৰতিশ্ৰুতি পালন সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে কংগ্ৰেছে জয়লাভ কৰা তিনিখন ৰাজ্যৰ দুখন ক্ৰমে মধ্য প্ৰদেশ আৰু চত্তীশগড়ত কৃষকৰ ঋণ মাফ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

আনহাতে, আগন্তুক সংসদৰ শীতকালীন অধিবেশনত মোডী চৰকাৰক কংগ্ৰেছ আৰু বিৰোধী দলসমূহে কৃষকৰ কৃষি ঋণ মাফ দিয়াৰ বাবে প্ৰবল হেঁচা প্ৰদানৰ বাবেও একত্ৰিত হৈছে ৷

সংসদ ভৱন প্ৰাংগণত এই সম্পৰ্কে ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে কৃষি ঋণ মাফ নকৰা পৰ্যন্ত মোডীক শুবলৈ দিয়া নহ'ব ৷ কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে মোডীয়ে কৃষি ঋণ মাফ আৰু বিমুদ্ৰাকৰণ এই দুটাৰ ভিতৰত কৃষি ঋণ মাফ কৰাটো প্ৰথম পচন্দ হিচাপে গ্ৰহণ কৰিব লাগিছিল ৷ তাকে নকৰি বিমুদ্ৰাকৰণৰ জৰিয়তে তেওঁৰ উদ্যোগপতি বন্ধুসকলক ধনৰ যোগান ধৰাটোহে পচন্দ কৰিলে ৷ 

Your Comments