
মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ মুখ্য মন্ত্ৰী দুগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ ছত্তীশগড়ৰ মুখ্য মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান কিছু সময় পিছত অনুষ্ঠিত হ'ব ৷
উল্লেখ্য যে হিন্দী বলয়ৰ এই তিনিওখন ৰাজ্যতে বিজেপিক ধৰাশায়ী কৰি এতিয়া তাত কংগ্ৰেছে শাসনৰ গাদী দখল কৰিছে ৷ মধ্য প্ৰদেশৰ অষ্টাদশগৰাকী ৰাষ্ট্ৰপতি হিচাপে আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে মুখ্য মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত লয় ৷
একেদৰে ৰাজস্থানৰ মুখ্য মন্ত্ৰী হিচাপে অশোক গেহলট আৰু উপ-মুখ্য মন্ত্ৰী হিচাপে শচীন পাইলটে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ৷ দুয়োটা অনুষ্ঠানতে উপস্থিত থাকে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ লগতে বহুকেইজন বিৰোধী দলৰ নেতা ৷ আনহাতে, ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী হিচাপে আজি বিয়লি শপত গ্ৰহণ কৰিব ভূপেশ ৱাঘেলে ৷
উক্ত অনুষ্ঠানতো কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী উপস্থিত থাকিব ৷ উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিৰোধীৰ মহাজোঁট যে ক্ৰমাৎ শক্তিশালীভাৱে একত্ৰিত হ'ব ধৰিছে তাৰ প্ৰমাণ পোৱা গ'ল দুয়োটা শপত গ্ৰহণ অনুষ্ঠানতে ৷
আজিৰ শপত গ্ৰহণ অনুষ্ঠান দুটাত উপস্থিত থকা বিৰোধী দলৰ নেতাসকলৰ ভিতৰত অন্যতম হ'ল এন চি পিৰ নেতা শাৰদ পাৱাৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু, ডি এম কে প্ৰমুখ এম কে ষ্টেলিন, আৰ জে ডিৰ তেজস্বী যাদৱ, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ ৷
আজি পুৱা ১০.১৫ বজাত ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট আৰু উপ-মুখ্য মন্ত্ৰী শচীন পাইলটে জয়পুৰৰ এলবাৰ্ট হল গ্ৰাউণ্ডত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত পদ আৰু গোপনীয়তাৰ শপত লয় ৷
আনহাতে, মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী কমল নাথে দিনৰ ২.২৯ বজাত ভূপালৰ জাম্বুৰী ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হিচাপে শপত লয় ৷
বিয়লি ৪.৩০ বজাত ৰায়পুৰৰ চৰকাৰী বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী হিচাপে ভূপেশ বাঘেলে শপত লোৱাৰ কথা আছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে এই কাৰ্যসূচী ৰায়পুৰৰ বলবীৰ সিং জুনেজা ইনড'ৰ ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হয় ৷
- Log in to post comments
- 31 views