
অৱশেষত যুগ্ম জীৱনৰ পাতনি মেলিলে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে । অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী ছাইনাৰ স্বামী তাৰকা শ্বাটলাৰ পাৰুপল্লী কাশ্যপ । শুকুৰবাৰে ছ'চিয়েল মিডিয়াৰ যোগেদি দুয়ো বিবাহৰ ফটো ৰাজহুৱা কৰে ।
ছাইনাৰ বয়স ২৮ বছৰ হোৱাৰ বিপৰীতে স্বামীৰ বয়স ৩২ বছৰ । ২০০৭ বৰ্ষৰপৰাই দুয়োগৰাকী শ্বাটলাৰৰ মাজত ঘনিষ্ঠতা আছিল । হায়দৰাবাদৰ এখন আদালতত দুয়ো বিবাহপাশত আবদ্ধ হয় ।
- Log in to post comments
- 16 views