ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

ৰাফেল ক্ৰয় বিতৰ্ক সন্দৰ্ভত ছুপ্ৰিম কোৰ্টে দিয়া ৰায়ৰ পিছত বিজেপিৰ সভাপতি অমিত শ্বাহৰ মন্তব্য, 'মিছা অপবাদ বিয়পোৱাসকলৰ গালত এয়া পূৰ্ণহতীয়া চৰ ৷'

আনহাতে, এই 'বাৎসল্যসুলভ অভিযোগ'ৰ বাবে কংগ্ৰেছে ৰাজহুভাৱে ক্ষমা খুজিব লাগে বুলিও বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে ৰাফেল যুদ্ধ বিমান ক্ৰয়ত কেন্দ্ৰীয় চৰকাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ তুলি কংগ্ৰেছে এই সম্পৰ্কত ছুপ্ৰিম কোৰ্টত গোচৰ চলাবৰ বাবে আবেদন কৰিছিল ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

কিন্তু ছুপ্ৰিম কোৰ্টে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰ বিচাৰি তাক পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত আজি শুনানিৰ দিন ধাৰ্য কৰিছিল ৷ কিন্তু দুৰ্নীতি সম্পৰ্কত কোনো উপযুক্ত তথ্য লাভ নকৰাত যুদ্ধ বিমান ক্ৰয়ৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি আবেদনৰ বিপক্ষে ৰায়দান কৰে ৷

এই ৰায়দানৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷ ছুপ্ৰিম কোৰ্টৰ পৰা 'ক্লিন শ্বীট 'লাভ কৰাৰ পিছত এতিয়া কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে অমিত শ্বাহ ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

অমিত শ্বাহৰ ৰাহুল গান্ধীলৈ মুকলি আহ্বান- যুদ্ধ বিমান ক্ৰয়ৰ দুৰ্নীতি সন্দৰ্ভত উৎস কি তাক ৰাজহুৱা কৰাক আৰু এই 'ল'ৰা ধেমালি'ৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা খোজক ৷'

'সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি ৷ ই প্ৰকাশ হ'বই ৷ ৰাফেল ক্ৰয় চুক্তি সন্দৰ্ভত ছুপ্ৰিম কোৰ্টে যি ৰায় প্ৰদান কৰিলে তাৰ পৰা এইটো প্ৰমাণিত হয় যে কংগ্ৰেছ সভাপতিগৰাকীয়ে ৰাজনৈতিক লাভৰ বাবে ভুল তথ্য বিয়পাই ফুৰিছে ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

কোৰ্টে এই প্ৰক্ৰিয়াত কোনো ধৰণৰ ভুল দেখা নাই আৰু কোনো ব্যক্তিবিশেষক লাভান্বিত কৰাৰ বাবে কোনো ব্যৱসায়িক মিত্ৰতা কৰাৰো প্ৰমাণো পোৱা নাই ৷' ছুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ঠিক পিছতে এক টুইটযোগে অমিত শ্বাহে এই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত তিনিজনীয়া এক বিচাৰপীঠে এই সম্পৰ্কত আজি ৰায়দান কৰি কেন্দ্ৰীয় চৰকাৰক দোষমুক্ত কৰে ৷ এক সংবাদমেল সম্বোধন কৰি পিছত অমিত শ্বাহে প্ৰশ্ন কৰে, 'নিজৰ দলটোৱে 'দুৰ্নীতিৰ ইতিহাস' ৰচনা কৰি থোৱাৰ পিছত বিজেপিলৈ দুৰ্নীতিৰ আঙুলি টোঁওৱাৰ কি অধিকাৰ আছে ?

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

বহু দিনৰ পৰা তেওঁ অভিযোগ উত্থাপন কৰি আহিছে যে দেশৰ ৰক্ষকৰ দায়িত্বত থকাজনেই ভক্ষক ৷ কিন্তু সত্যটো এতিয়া প্ৰকাশ পাইছে ৷' ৰাহুল গান্ধীক কটাক্ষ কৰি তেওঁ কয়, 'ওপৰলৈ থু পেলালে নিজৰ মুখতে পৰে ৷'

আনহাতে, মিছাৰ ওপৰত ভিত্তি কৰি যিসকলে ৰাজনীতি কৰি আছে তেওঁলোকৰ গালত দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ এই ৰায় এক পূৰ্ণহতীয়া চৰ বুলিও তেওঁ উল্লেখ কৰে ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

যদি কংগ্ৰেছৰ হাতত উপযুক্ত তথ্য-প্ৰমাণ আছে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ত তাক দাখিল কৰি কংগ্ৰেছে গোচৰ নচলায় কিয় বুলিও শ্বাহে ৰাহুল গান্ধীক প্ৰশ্ন কৰে ৷ ন্যায়ালয়ৰ দুৱাৰ সকলোৰে বাবে খোলা আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এইটো পৰিষ্কাৰ যে তেওঁলোকৰ এই অভিযোগ আছিল ভিত্তিহীন ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

তেওঁলোকে কোৱা আৰু কৰা সকলোবোৰেই আছিল মিছা আৰু ভিত্তিহীন ৷ 'আমি ৰাফেল ক্ৰয় চুক্তি সন্দৰ্ভত সংসদত আলোচনাৰ বাবে সাজু ৷ মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো, যদি তেওঁলোকৰ সাহস আছে তেতিয়াহ'লে সংসদৰ মজিয়াত এই বিষয়ত বিতৰ্কত অংশগ্ৰহণ কৰক ৷' অধিক আক্ৰমণাত্মকভাৱে ৰাহুলক উদ্দেশ্যি অমিত শ্বাহে সংবাদমেলত এনেদৰে কয় ৷

ছুপ্ৰিম কোৰ্টৰ ৰায় মিছা অভিযোগ অনাসকলৰ গালত এক পূৰ্ণহতীয়া চৰ : অমিত শ্বাহ

অৱশ্যে কংগ্ৰেছ নেতৃত্বই আজি ছুপ্ৰিম কোৰ্টে দিয়া এই ৰায়ত সন্তুষ্ট হ'ব পৰা নাই ৷ তেওঁলোকৰ অভিযোগ, চৰকাৰে কোৰ্টক আধৰুৱা আৰু সম্পূৰ্ণ একপক্ষীয় তথ্য প্ৰদান কৰিছে ৷

কেন্দ্ৰীয় চৰকাৰে মহামান্য আদালতক বিপথে পৰিচালিত কৰেছে ৷ কংগ্ৰেছে প্ৰকাশ কৰামতে, ৰাফেল চুক্তি প্ৰসংগত ছুপ্ৰিম কোৰ্টে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, যুটীয়া সংসদীয় সমিতিয়ে এ ইচুক্তি সন্দৰ্ভত সকলো ফাইল তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতহে এই বিষয়ত সিদ্ধান্তত উপনীত হ'ব পৰা   যাব ৷

Your Comments