ৰাফেল ক্ৰয় বিতৰ্কক ছুপ্ৰিম কোৰ্টৰ নস্যাৎ : কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ জয়

ৰাফেল ক্ৰয় বিতৰ্কক ছুপ্ৰিম কোৰ্টৰ নস্যাৎ : কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ জয়

'ৰাফেল ক্ৰয় চুক্তি সম্পৰ্কত খেলিমেলিৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নাই ৷ ৰাফেল যুদ্ধ বিমান ক্ৰয় প্ৰক্ৰিয়া সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক সন্দেহ কৰাৰ কোনো কাৰণ নাই ৷'

কেন্দ্ৰীয় চৰকাৰক এক বিৰাট সকাহ প্ৰদান কৰি আজি ছুপ্ৰিম কোৰ্টে এই ৰায় প্ৰদান কৰে ৷ উল্লেখ্য যে ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ত ৫৯,০০০ কোটি টকাৰ দুৰ্নীতি হোৱা বুলি অভিযোগ কৰিছিল কংগ্ৰেছে ৷

ৰাফেল ক্ৰয় বিতৰ্কক ছুপ্ৰিম কোৰ্টৰ নস্যাৎ : কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ জয়

পৰৱৰ্তী সময়ত এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল ৷ উচ্চতম ন্যায়ালয়ত কৰা অভিযোগনামাত কংগ্ৰেছে অনিল আম্বানিক যুদ্ধ বিমান নিৰ্মাণৰ ঠিকা লাভ কৰাত সহায় কৰিবৰ বাবে অতিৰিক্ত মূল্যৰ বাণিজ্যিক চুক্তি সম্পাদন কৰা বুলি উল্লেখ কৰিছিল ৷

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছিল ৷ সকলো তথ্য-প্ৰমাণ চালিজাৰি চাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে এই ক্ষেত্ৰত কোনো ধৰণৰ দুৰ্নীতি তথা অনিয়মৰ প্ৰমাণ লাভ নকৰাত কেন্দ্ৰীয় চৰকাৰক দোষমুক্ত কৰে ৷

নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰা পোৱা এই ৰায় এক বৃহৎ জয়ৰূপে পৰিগণিত হৈছে ৷ আনহাতে, কংগ্ৰেছৰ এই অভিযোগ উচ্চতম ন্যায়ালয়ে মিছা আৰু ভিত্তিহীন বুলি প্ৰমাণ-পত্ৰ দিয়াৰ পিছত এতিয়া বিজেপিয়ে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

বিশেষকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে 'দুৰ্নীতিত নিমজ্জিত দল' কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক 'আটাইতকৈ মিছলীয়া' নেতা বুলি অভিহিত কৰি তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰিছে ৷  

Your Comments