
দেশৰ ভিতৰতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমনাবন্দৰৰ অভিলেখ স্থাপন কৰিলে কেৰালাই ৷
আজি ৰাজ্যখনৰ চতুৰ্থটো বিমানবন্দৰ কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰাৰ পিছতেই এই অভিলেখত উপনীত হয় ৰাজ্যখন ৷
এই উপলক্ষে আজি অনুষ্ঠিত এক অনুষ্ঠাত কেৰালাৰ মুখ্য মন্ত্ৰী পি বিজয়নৰ উপস্থিতিত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱে বিমানবন্দৰটো জনসাধাৰণক উদ্দেশ্যি মুকলি কৰে ৷
বিমানবন্দৰটো মুকলিৰ পিছতে ১৮০গৰাকী যাত্ৰী কঢ়িয়াই প্ৰথমখন বিমান 'এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ' আবুধাবিলৈ উৰা মাৰে ৷
উল্লেখ্য যে বৃহৎসংখ্যক জনতাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী-বিধায়ক, শীৰ্ষ বিষয়া, দল-সংগঠনৰ প্ৰায় শতাধিক অতিথি উপস্থিত থাকে ৷
- Log in to post comments
- 24 views