
দেওবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ অঞ্চলৰ পৰা সেনা আৰু অসম ৰাইফলছৰ দলে এনডিএফবি (ছ)ৰ ৯জন দুৰ্ধৰ্ষ সদস্যক আটক কৰে ৷
ম্যানমাৰ সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই আটক কৰা হয় সদস্যকেইজনক ৷
ম্যানমাৰস্থিত শিবিৰৰ পৰা প্ৰশিক্ষণ সমাপ্ত কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল ধৃত সদস্যকেইজনে ৷
ধৃত সদস্যকেইজনৰ পৰা বৃহৎ মাত্ৰাৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে সেনা আৰু অসম ৰাইফলছৰ জোৱানে ৷
এই সম্পৰ্কত সেনা আৰু অসম ৰাইফলছৰ উচ্চ পদস্থ বিষয়াই তদন্ত অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 11 views