মুখ্য মন্ত্ৰী জাতিৰ প্ৰতি দায়বদ্ধ হওক, বাংলাদেশীৰ প্ৰতি নহয় : অগপ

মুখ্য মন্ত্ৰী জাতিৰ প্ৰতি দায়বদ্ধ হওক, বাংলাদেশীৰ প্ৰতি নহয় : অগপ

জাতীয় নায়ক হৈ মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে অসমৰ অস্তিত্বৰ সংকটৰ সময়ত পৱিত্ৰ মনেৰে জাতিৰ প্ৰতি দায়বদ্ধ হওক, অবৈধ বাংলাদেশীৰ প্ৰতি নহয় ৷ ইতিহাস বৰ নিৰ্মম ৷

ইতিহাস পাহৰাটো বাতুলতা মাথোন ৷ আজি এনেদৰে প্ৰত্যুত্তৰ দিলে অসম গণ পৰিষদ দলৰ মুখ্য মুখপাত্ৰ মনোজ শইকীয়াই ৷ সাংবাদিকক সম্বোধন কৰি শইকীয়াই কংগ্ৰেছৰ লগত অগপক সাঙুৰি মুখ্য মন্ত্ৰীয়ে বক্তব্য ৰখাটো দুৰ্ভাগ্যজনক আৰু বিভ্ৰান্তিকৰ বুলি কয় ৷

বিজেপিত অবাধ গতিত কংগ্ৰেছী নেতা-কৰ্মীৰে পয়োভৰ ঘটিছে আৰু কংগ্ৰেছী কায়দাৰে এতিয়া বিজেপি চলিছে ৷ একে কংগ্ৰেছী দমন-প্ৰলোভন আৰু ব্লেক মেলইলিঙৰ নীতিকে বিজেপিয়ে আঁকোৱালি লৈছে ৷

মুখ্য মন্ত্ৰীয়ে মনত ৰখা উচিত যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপি-কংগ্ৰেছে একে মেৰুতে অৱস্থান গ্ৰহণ কৰিছে ৷ বিধেয়কক লৈ কংগ্ৰেছ-বিজেপি হৈছে সহোদৰ ৷

বিজেপি-কংগ্ৰেছে লগ লাগি অসমৰ অস্তিত্ব বিপন্ন কৰাত ঐক্যবদ্ধ হৈ ৰাজ্যখন অস্থিৰ কৰি পেলাইছে ৷ মুখ্য মন্ত্ৰীয়ে হয়তো পাহৰিলে পাটাছাৰকুছি নগৰ সমিতি আৰু মঙলদৈ পৌৰসভা কংগ্ৰেছৰ সমৰ্থনত বিজেপিয়ে দখল কৰি আছে ৷

অসমৰ স্বাৰ্থ বিঘ্নিত কৰা কাৰ্যত দুয়োটা দলেই ককাই-ভাই ৷ বুজাবুজিৰ মাজেৰেই বিজেপিয়ে হিন্দুৰ নামত আৰু কংগ্ৰেছে মুছলমানৰ নামত ৰাজনীতি কৰি ঐক্য-শান্তি বিনষ্ট কৰিছে ৷

ধৰ্মৰ নামত ৰাজনীতি অসমৰ সভ্যতা-সংস্কৃতিৰ পৰিপন্থী বুলি মতপোষণ কৰি অগপৰ মুখপাত্ৰগৰাকীয়ে বিজেপিয়ে অসম গণ পৰিষদক লৈ শংকিত হোৱাৰ পৰিৱৰ্তে অসমৰ ৰাইজক লৈ শংকিত হওক বুলি কটাক্ষ কৰে ৷

নিৰ্বাচন আহিব, নিৰ্বাচন যাব ৷ সংকীৰ্ণ ৰাজনীতিৰে ৰাজ্যখনৰ সমাজ জীৱন কলুষিত নকৰিবলৈ তেওঁ মুকলিভাৱে আহ্বান জনায় ৷ মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক জন্মভূমি অসম গণ পৰিষদ ৷

অসম গণ পৰিষদৰ পৰাই বিধায়ক, সাংসদ আৰু দলৰ সাধাৰণ সম্পাদকৰ লগতে কৰ্ণধাৰ সমিতিৰো সদস্য আছিল ৷ তেনেস্থলত সামান্যতম কৃতজ্ঞতা থকা উচিত বুলি সোঁৱৰাই দি শইকীয়াই কয় যে জাতিৰ স্বাৰ্থত মুখ্য মন্ত্ৰীয়ে কৃতজ্ঞতাৰ চিনস্বৰূপে অসম গণ পৰিষদক ভোট দিবলৈহে আহ্বান জনোৱা উচিত ৷

Your Comments