ৰাজ্যৰ সাংবাদিক পেঞ্চন ৮হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি

pijush Hazarika

ৰাজ্যৰ সাংবাদিকৰ বাবে ভাল খবৰ।অসম চৰকাৰৰ বৰ্তমানৰ সাংবাদিক পেঞ্চন ৮হাজাৰৰ পৰা ১০হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত।বৃহস্পতিবাৰে তথ্য-জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ'চিয়েছন আৰু ইলেকট্ৰ’নিক মিডিয়া ফ'ৰাম অসমৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত এই ঘোষণা কৰে।

'গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহায্য, সাংবাদিক পেঞ্চন আদি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা হয় বৈঠকত।
 
অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰতো এককালীন সাহায্য লাভ কৰিব।এই সাহায্য এক লাখৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি হ'ব বুলিও বৈঠকত ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

Your Comments