নিউজ ডেস্ক:
বৰষুণৰ বাবে মঙলবাৰে স্থগিত হ'ল ভাৰত-নিউজীলেণ্ডৰ মাজৰ বিশ্বকাপৰ ছেমি ফাইনেল।খেল স্থগিত হোৱাৰ সময়লৈকে নিউজীলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেটত ২১১ ৰাণ সংগ্ৰহ কৰিছিল।উল্লেখ্য যে ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ বাবে নিউজীলেণ্ডৰ বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হৈছিল।
ইফালে,মানচেষ্টাৰৰ অ'ল্ড ট্রেফ'ৰ্ডত সংৰক্ষিত দিনটোত আজি পুনৰ খেলখন অনুষ্ঠিত হ'ব।যদি বৰষুণৰ বাবে আজিও খেল অনুষ্ঠিত কৰিব পৰা নাযায়,তেন্তে ৰাউণ্ড ৰবীন লীগৰ পইণ্ট তালিকাৰ ভিত্তিত ভাৰতে ফাইনেলত প্ৰৱেশ কৰিব।কাৰণ,পইণ্ট তালিকাত ভাৰত শীৰ্ষ স্থানত আছে।
- Log in to post comments
- 104 views
