সমগ্র ক্ৰিকেট কেৰিয়াৰত এটা ক্ষেত্ৰত কেৱল মিছাই মাতি গ'ল প্রাক্তন পাকিস্তানী অধিনায়ক শ্বাহীদ আফ্ৰিডীয়ে।শেহতীয়াকৈ প্ৰকাশ পোৱা আত্মকথা 'গেম চেঞ্জাৰ'ত আফ্ৰিডীয়ে লিখিছে যে ক্ৰিকেট কেৰিয়াৰত আনুষ্ঠানিকভাৱে নথিভুক্ত তেওঁৰ জন্ম চন ১৯৮০ নহয়,১৯৭৫হে।ক্ৰিকেট সংস্থাৰ বিষয়ববীয়াসকলে তেওঁৰ বয়স ভুলকৈ লিখিছিল বুলি উল্লেখ কৰে খেলুৱৈজনে।
আত্মজীৱনীত এইদৰে প্ৰকাশ কৰাৰ পিছত এতিয়া আফ্ৰিডীৰ পৰা আইচিচিয়ে ওভতাই ল'ব পাৰে এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বকণিষ্ঠ শতৰাণকাৰী খেলুৱৈ হোৱাৰ অভিলেখ।উল্লেখ্য যে শ্বাহীদ আফ্ৰিডীয়ে ১৯৯৬ চনত ১৬ বছৰ ২১৭ দিনত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি এই অভিলেখ গঢ়িছিল।
- Log in to post comments
- 106 views
