জালাহৰ পৰা গুঞ্জন দাস
বাক্সা জিলাৰ জালাহ শিক্ষাখণ্ডৰ ৩৯২ নং সস্তৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে। 
কাৰ্যসূচী অনুসৰি আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।আজি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্থানীয় ৰাইজৰ দ্বাৰা স্বচ্ছ ভাৰত মিছন অভিযান, তোৰণ উন্মোচন, বিদ্যালয়ৰ স্থায়ী তোৰণ উন্মাচন আৰু পকী দেৱাল উদঘাটন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।
আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি আকৰ্ষণীয় কৰি তোলে।
- Log in to post comments
- 227 views
