✍🏻গংগোত্ৰী কাশ্যপ :
সাংবাদিক তথা আইনৰ ছাত্ৰী
(8638329861)
গুৱাহাটী মহানগৰীৰ আজিৰ ব্যস্ত আমবাৰী অঞ্চলটো আজিৰ পৰা আনুমানিক প্ৰায় ডেৰহাজাৰ বছৰ পূৰ্বেও এক সমৃদ্ধিশালী অঞ্চল আছিল। বৰ্তমানৰ দীঘলীপুখুৰীৰ দক্ষিণ-পশ্চিম কোণত থকা ৰিজাৰ্ভ বেংকৰ পৰা গুৱাহাটী প্ৰেছ ক্লাব হৈ ৰাজ্যিক সংগ্ৰহালয়লৈ বিস্তৃত এই সমগ্ৰ অঞ্চলটো অতি সমৃদ্ধিশালী অঞ্চল আছিল। আধুনিক অসমৰ সংস্কৃতিৰ অন্যতম কেন্দ্ৰস্থল বৰ্তমানৰ "ৰবীন্দ্ৰ ভৱন" থকা ঠাই কণতেই হয়তো আজিৰ পৰা ডেৰ হেজাৰ বছৰ পূৰ্বে "নটৰাজ"ৰ আৰাধনাও চলিছিল। বৰ্তমানৰ গুৱাহাটী প্ৰেছ ক্লাবৰ ঠিক পিছফালে ইটাৰে সুন্দৰকৈ পাৰ বন্ধা পুখুৰীটো আৰু তাৰ পাৰত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমল সমূহেও এই অঞ্চলটোৰ অতীতৰ সমৃদ্ধিশালী ৰূপটোৰ বহুতো কথাই যেন চিঞৰি চিঞৰি ক'ব খোজে।
গুৱাহাটী মহানগৰীৰ আমবাৰী প্রত্নতাত্ত্বিক স্থানটি গুৱাহাটী মহানগৰখনৰ একেবাৰে কেন্দ্রস্থলতে অৱস্থিত। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী কাৰ্যালয় নিৰ্মাণৰ সময়ত সম্ভৱত ১৯৬৮-৬৯ চনত এই আমবাৰীতে বহু প্ৰত্নতাত্ত্বিক সম্পদৰ সন্ধান পোৱা গৈছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে যুটীয়াভাৱে ১৯৬৯-৭০ চনত প্ৰথমবাৰৰ বাবে এই স্থানত খনন কাৰ্য্য আৰম্ভ কৰিছিল ৷ খননৰ অন্তত লাভ কৰা সমল সমূহৰ পৰা আমবাৰী প্ৰত্নতাত্ত্বিক স্হানক মূলত তিনিটা সাংস্কৃতিক স্তৰত গৱেষক সকলে ভাগ কৰিছে - প্ৰথম সাংস্কৃতিক অৱশেষ (ভাস্কৰ্য শৈলীৰ দিশৰ পৰা) খৃঃপূঃ প্ৰথম-দ্বিতীয় শতিকা ,
দ্বিতীয় স্তৰ, খৃষ্টাব্দ অষ্টম শতিকাৰ পৰা দশম শতিকাৰ বুলি অনুমান কৰা হৈছে ৷ মাজতে কিছু অন্তৰাল থকাৰ পিছত আমবাৰীৰ সাংস্কৃতিক অৱশেষ মধ্যযুগৰ শেষৰ বুলি অনুমান কৰি লোৱা হৈছে ।খনন কাৰ্যৰ সময়ত এই অঞ্চলত একেলগে বহু শিলামূৰ্ত্তি পোৱা গৈছিল । সেই বাবে ইয়াত এটা মূৰ্ত্তি নিৰ্মাণশালা আছিল বুলিও প্ৰত্নতত্ত্ববিদ সকলে অনুমান কৰে৷
আমবাৰীত চলোৱা প্ৰথম বৰ্ষৰ খননত প্রচুৰ পৰিমাণে শিলত কটা ভাস্কর্য যেনে সূর্য, বিষ্ণু, দুর্গা, গঙ্গা, যমুনা, মুনি, যোনিপীঠ, শিৱ লিঙ্গ আৰু যোনিপীঠত গণেশৰ পোৰামাটিৰ ভাস্কর্য, নৃত্যৰত অৱস্থাত থকা মূর্তি, এটি মহিলা মূর্তিৰ আবক্ষ মূর্তি ইত্যাদি পোৱা গৈছিল ৷ইয়াৰ উপৰিও পোৰামাটিৰ ভাস্কৰ্য, মণি ,খাৰু ,বৰটোপৰ গুলী,তামৰ মোহৰ আদিও বহু পৰিমানত উদ্ধাৰ হৈছে । হয়তো পিছৰ পৰ্যায়ত শৰাইঘাটৰ ৰণৰ বাবেও এই অঞ্চলতো ব্যৱহৃত হৈছিল। যিহেতু ব্ৰহ্মপুত্ৰলৈ অহা যোৱা কৰা তেতিয়াৰ নাও সমূহক বৰ্তমানৰ দীঘলী পুখুৰীতে বন্ধা হৈছিল বুলি বিভিন্ন গৱেষকে ইতিমধ্যেই কৈ গৈছে। আমবাৰীত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সমল সমূহ গৱেষণা কৰি বহু গৱেষকে এই স্থানখিনিক প্রাচীন কামৰূপৰ অতি গুৰুত্বপূর্ণ সাংস্কৃতিক কেন্দ্রসমূহৰ মাজৰ এটা বুলি চিহ্নিত কৰিছে। ২০০৮-০৯ চন আৰু ইয়াৰ পৰৱৰ্তী সময়ত চলোৱা খনন সমূহত এই ঠাইত মৃন্ময় মূৰ্ত্তিৰ ওপৰত মৰা মোহৰ উদ্ধাৰ হোৱাৰ লগত ইটাৰে বনোৱা এটা পুখুৰী খান্দি উলিওৱা হৈছিল।
এই সমল সমূহ অধ্যয়ন কৰি গৱেষক সকলে এইসমূহ নিৰ্মাণ শুঙ্গ-কুশান যুগত হোৱা বুলি ঠাৱৰ কৰিছে।
অঞ্চলটোত প্ৰথমবাৰ খননতে উদ্ধাৰ হোৱা বাচকবনীয়া গাঁথনিসমূহৰ ভিতৰত অন্যতম হ’ল পোৰা ইটাৰে বনোৱা এটা পুখুৰী, তাৰ পৰা পানী ওলাই যোৱা নৰ্দমা, সমীপতে ইটাৰে বনোৱা পথ, ইটাৰে সজা মজিয়া আৰু প্ৰাক্-মধ্যযুগীয়া সময়চোৱাৰ দেৱালৰ গাঁথনিসমূহ। এই প্ৰত্নতাত্বিক কংক্ৰিটৰ গাঁথনি সমূহে উত্তৰ দিশেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰতেই যে এক সমৃদ্ধিশালী তথা সাংস্কৃতিকভাবে আগবঢ়া স্থান গঢ়ি উঠিছিল তাৰেই ইংগিত বহন কৰে। মধ্যযুগৰ প্ৰথম ভাগত এই ঠাইখনেই যে কামৰূপীয়া কলা-শিল্পৰ বাবে এক শিল্পালয় আছিল বুলিও বহু গৱেষকে স্পষ্টভাৱে কৈ গৈছে। উদ্ধাৰকৃত সমল সমূহে বৰ্তমান আমবাৰী অঞ্চলটোৰ চাৰিও কাষৰ প্রাচীন জনবসতিৰ বিকাশৰ ইঙ্গিতো দাঙি ধৰে। পৰৱৰ্তী পৰ্যায়ত উদ্ধাৰকৃত সমল সমূহৰ অধিক গৱেষণা হোৱাত
প্রত্নতাত্ত্বিকসকলে একমতত উপনীত হয় যে এই ঠাই ডোখৰতে আজিৰ পৰা হেজাৰ বছৰ পূৰ্বে আছিল এটি আর্টিষ্ট গিল্ড আৰু ভাস্কর্যৰ এটি উৎপাদন কেন্দ্র।
গুৰুত্বপূৰ্ণ কথা এই যে এই স্থানতে শিৱৰ বাহন নন্দীৰ ওপৰত খোদিত নটৰাজৰ এটা মূৰ্ত্তিও উদ্ধাৰ হৈছে। প্ৰত্নতাত্বিক সকলৰ মতে এই মূৰ্ত্তিটো সমগ্ৰ ভাৰতবৰ্ষতে অদ্বিতীয় আৰু ই ভাৰতীয় শিল্পকলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ। এই মূৰ্ত্তিটো বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে ৷ অতি তাৎপৰ্যপূৰ্ণ যে নটৰাজৰ মূৰ্ত্তি আবিষ্কাৰ হোৱা উক্ত স্থানতে বৰ্তমানে ৰবীন্দ্ৰ ভৱন স্থাপন হৈ আজিও অসমৰ কলা -সাংস্কৃতি চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে জিলিকি আছে ৷
এই স্থানত ব্ৰাহ্মণ্য ধৰ্মমতৰ অসংখ্য দেৱ-দেৱীৰ মূৰ্ত্তিৰ লগতে মানুহৰ মৃন্ময় মূৰ্ত্তিও আবিষ্কাৰ হৈছে। এই সামগ্ৰী সমূহক স্থানীয়ভাৱে আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত বৰ্তমানে সংৰক্ষণ কৰি ৰখা হৈছে। উদ্ধাৰকৃত সামগ্ৰী সমূহৰ কিছু সিমান স্পষ্ট নহয় যদিও চীনামাটিৰ বাচন যেনে- পোৰা মাটিৰ মিহি বাচন,ৰঙা বাচন , আৰু ফেলেডনৰ বাচনসমূহে এই কথাই প্ৰমান কৰে যে এই ঠাইখনেই বোধহয় সেই সময়ৰ ব্যৱসায়-বাণিজ্যৰো এটা ঘাই কেন্দ্ৰ আছিল।খননকাৰ্যত চীনদেশীয় সাগৰৰ ঢৌৰ লেখিয়া ৰঙৰ বাচন আৰু সেউজীয়া জকমকীয়া বাচনো উদ্ধাৰ হৈছিল।প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়টোত দুর্গামহিষাসুৰমর্দিনী, বিষ্ণু, সূর্য আৰু শিৱৰ শিলত খোদিত ভাস্কৰ্য আছে। লগতে পোৰামাটিৰ টুকুৰা , পাত্র, মাটিৰ চাকি ইত্যাদি সংৰক্ষণ কৰা হৈছে। ১০-১১ শতিকাৰ এটি গজ-ব্যাল মূৰ্ত্তিও প্রবেশদ্বাৰত দর্শনার্থীৰ বাবে ৰখা হৈছে ৷
আমবাৰী খননকাৰ্যস্হলীক অসম চৰকাৰৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন আৰু অভিলেখ আইন,অসম ১৯৫৯ ৰ দ্বাৰা সংৰক্ষিত এলেকা চিহ্নিত কৰা হৈছে ৷খননকাৰ্যৰ প্ৰাৰম্ভিক কালছোৱাত তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনে এই স্হান পৰিদৰ্শন কৰিছিল৷
আমবাৰীৰ খনন কাৰ্য বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই ।খৃষ্টাব্দ ২০০৩-০৪ চনৰ প্ৰত্নতাত্ত্বিক আঁচনিৰে এই স্হানত প্ৰাচীন কামৰূপৰ নগৰীয়া জীৱনৰ ইটাৰে নিৰ্মিত আৱাসিক গৃহৰ এটি ভেটি ,চেপেটা ইটাৰে নিৰ্মিত পদ-পথ ,পুৰণি পাট- নাদ ,মৃৎভাস্কৰ্য আদি উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।ইয়াত উদ্ধাৰ হোৱা বহুতো সমল আমবাৰী প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ত সংগৃহীত কৰি ৰখা হৈছে ৷অদূৰ ভৱিষ্যতেও এনে বহু সম্পদ এই স্হানতে উদ্ধাৰ হোৱাৰ আৰু অলেখ সম্ভাৱনা আছে ৷
আমবাৰী প্ৰত্নতাত্ত্বিক স্হান “ অসমৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন আৰু তথ্য অধিনিয়ম ,১৯৫৯” ৰ দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে ৷যিয়ে এই কীৰ্ত্তিচিহ্ন সমূহ ধ্বংস ,স্হানান্তৰ ,ক্ষয়ক্ষতি ,সলনি ,বিকৃত বা বিপদগ্ৰস্ত কৰিব তেনে লোকৰ তিনিমাহ পৰ্যন্ত কাৰাদণ্ড নাইবা পাঁচ হাজাৰ টকা জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ’ব ৷
- Log in to post comments
- 188 views