নাগৰিকত্ব প্ৰদানৰ অধ্যাদেশ সন্দৰ্ভত আছু, এজেৱাইচিপি আৰু ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া, সবিশেষ পঢ়ি জানি লওক

AASU

দেশৰ ৫খন ৰাজ্যৰ ১৩খন জিলাত ৬টাকৈ ধৰ্মৰ বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ বাবে অধ্যাদেশ জাৰি কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ জাতীয় দল সংগঠনসমূহ। গৃহমন্ত্ৰালয়ে জাৰি কৰা অধ্যাদেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কা বিৰোধী ৰাজ্যৰ দল-সংগঠনে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা 'নেছ'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অধ্যাদেশক অবৈধ বাংলাদেশীৰ ভোটবেংক ৰক্ষা ৰাজনীতি আখ্যা দি কয়-'কেন্দ্ৰীয় চৰকাৰে মনত ৰখা উচিত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ পৰিৱেশ সুকীয়া। বাংলাদেশী প্ৰব্ৰজনৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলে সন্মুখীন হোৱা পৰিস্থিতি বেলেগ। যি নেকি ন্যায়ালয়ে স্বীকাৰ কৰিছে। ঐতিহাসিক অসম চুক্তিৰ আধাৰত অসমত বিদেশী নাগৰিক সমস্যা সমাধান হ’ব লাগিব'।

AASU

ইফালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়-প্ৰথম কথা অসম- উত্তৰ পূৰ্বাঞ্চলত যি হ’ব অসম চুক্তিৰ আধাৰত হ’ব লাগিব। অসম চুক্তিৰ মূল আত্মাক হত্যা কৰা কোনো সিদ্ধান্ত অসমৰ ৰাইজ তথা জাতীয় দল সংগঠন আছুৱে মানি নলয়। অন্যথা অসমৰ জনতাৰ সহযোগত জাতীয় দল- সংগঠনে তীব্ৰ প্ৰতিবাদী জংগী আন্দোলন গঢ়ি তুলিব'।

Picture

উল্লেখ্য যে গৃহমন্ত্ৰালয়ৰ নির্দেশনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়-'নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা প্ৰয়োগ কৰিবৰ কাৰণে অধিক সতৰ্কতাৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্থিতি স্পষ্ট ৷ অসমত বিদেশীক নাগৰিকত্ব কোনো কাৰণত প্ৰদান কৰিবলৈ দিয়া নহ’ব।'

ইফালে অধ্যাদেশ সন্দৰ্ভত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-নাগৰিকত্ব সংশোধনী আইনৰ কোনো বিধি প্ৰস্তুত নকৰাকৈ জাৰি কৰা অধ্যাদেশ বে-আইনী। কিদৰে বিধি প্ৰস্তুত নোহোৱাকৈ অধ্যাদেশ জাৰি কৰা হৈছে! শংকা হৈছে বিধি প্ৰস্তুত নকৰাকৈ অসমতো হয়তো জাৰি হ'ব অধ্যাদেশ। ফলত ১কোটি ৯০লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পথ প্ৰশস্ত হ'ব। ইয়াক কোনো কাৰণত মানি ল’ব নোৱাৰি। ৰাইজৰ দলৰ দাবী, বিধি প্ৰস্তুত নোহোৱাকৈ জাৰি কৰা অধ্যাদেশ প্ৰত্যাহাৰ কৰিব লাগে। নাগৰিকত্ব সংশোধনী আইন অসমত কোনো কাৰণত প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব বুলিও  শইকীয়াই লগতে কয়।


উল্লেখ যোগ্য যে, ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ভিত্তিত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত ধৰ্মীয় আতিশয্যৰ বলি হোৱা ৬টা ধৰ্মৰ লোকক দেশত নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব বুলি গৃহমন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে।

Your Comments