ক'ভিড প্ৰ'টকল ভংগ মানসিক ৰোগীৰ প্ৰমাণ হ'লে, হিমন্ত বিশ্ব শৰ্মাও মানসিক ৰোগী নেকি!- ভাস্ক’-ডি শইকীয়া, ৰাইজৰ দল

Bhasko-D Saikia

বিধায়ক অখিল গগৈক মানসিক ৰোগত আক্রান্ত বুলি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক তীক্ষ্ণ সমালোচনা কৰিছে ৰাইজৰ দলে। মুখ্যমন্ত্ৰীয়ে গগৈক অপমান সূচক মন্তব্য কৰিছে। ডঃ শৰ্মাই নিম্ন খাপৰ কৌতুক অভিনেতাৰ আচৰণ কৰিছে।আশা কৰিছিলো দায়িত্বশীল ৰাজনৈতিক নেতাৰ আচৰণ কৰিব, কিন্তু নোৱাৰিলে ৷ কাৰণ জানো ৷ এঙাৰক এশবাৰ ধুলেও বগা নহয়'- ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’-ডি শইকীয়াই এইদৰে কয়।

অখিল গগৈৰ সৈতে যুক্তি-তথ্যৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা মুখা-মুখী হোৱাৰ সাহস নাছিল আৰু নাই। যাৰ বাবে বিভিন্ন কূট-কৌশলেৰে গগৈক বিধানসভাত বাধা দিবলৈ চেষ্টা চলাই আছে বুলি উল্লেখ কৰি শইকীয়াই কয় -মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ পবিত্ৰ সদনত মিছা বক্তব্য প্ৰকাশ কৰিছে। এজন ৰোগী, ৰোগৰ চিকিৎসা সেয়া গোপনীয় বিষয়। কিন্তু অসম বিধানসভাত এগৰাকী ৰোগীৰ বিশেষ অধিকাৰ ভংগ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

"বিধানসভাৰ এখন টেবুলৰ পৰা অন্য এখন টেবুললৈ যোৱাটোৱে যদি মানসিক ৰোগীৰ প্ৰমাণ, তেন্তে হিমন্ত বিশ্ব শৰ্মাও মানসিক ৰোগী বুলি ধৰিব পাৰো নেকি বুলি প্ৰশ্ন কৰি শইকীয়াই কয়-কাৰণ ক’ভিড প্ৰ’টকল ভংগ কৰি তেওঁৱে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে।একাংশ কিশোৰক লৈ মাজুলীত ভোজ-ভাতৰ আয়োজন কৰাৰ লগতে ক’ভিড ৰোগীক লৈ মাজুলী ভ্ৰমণ কৰি ফুৰিছিল।

অসম বিধানসভাত মুখ্যমন্ত্ৰী তথা বিজেপিয়ে অখিল গগৈৰ সাহসী উপস্থিতি নিবিচাৰে।যাৰ কাৰণে তালি-বাজি, কূট-কৌশলেৰে বাধা দি ৰাখিব বিচাৰিছে। মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে কয়- অখিল গগৈয়ে ক’ভিড, নিবনুৱা সমস্যা, বানপানী সন্দৰ্ভত বিশেষ অধিৱেশনৰ আহ্বান জনাইছিল।সাহস আছে যদি বিশেষ অধিৱেশন আয়োজন কৰক।তাতে যুক্তি- তৰ্কৰে তথ্য সহকাৰে গগৈক উপস্থিতি থকাৰ অনুমতি দিয়ক ৷ সমগ্ৰ অসমবাসীয়ে গম পাব তেতিয়া আচলতে কোন প্ৰকৃত ৰোগী।

Your Comments