বিধায়ক অখিল গগৈ মানসিক ৰোগত আক্রান্ত, চিকিৎসা চলি আছে -ডঃ হিমন্ত বিশ্ব শৰ্মা

HBS-Akhil Gogoi

কাৰাবন্দী বিধায়ক অখিল গগৈৰ চিকিৎসা সন্দৰ্ভত পঞ্চদশ অসম বিধানসভাত বিস্ফোৰক মন্তব্য প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কয়-'মানসিক ভাৱে ভাল অৱস্থা নাই অখিল গগৈৰ। মানসিক ৰোগত আক্রান্ত হৈ চিকিৎসা লাভ কৰি আছে। তেওঁ যদি সুস্থ বুলি কয় তেন্তে আইন মতে জেললৈ যাব লাগিব'।

কংগ্রেছৰ বিধায়ক ভৰত নৰহে বিধায়ক গগৈক সদনত বহাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অধ্যক্ষ গৰাকীক জনোৱা আহ্বানক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- অসুস্থ মানুহ এজনক কিদৰে সদনত বঢ়াব। যিজন মানুহক চাৰিমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে পেং কেবিনট চিকিৎসা কৰি আছে।কোৱা হৈছে মানসিক ভাৱে সুস্থ অৱস্থাত নাই'।

বিধায়ক হিচাপে সদনত অহাৰ দিনা ক’ভিড প্ৰ’টকল পাহৰি ইজনৰ পৰা সিজনৰ ওচৰত গৈছে।ই বেমাৰৰ আগজাননী।জিএমচিএইচ-ৰ চিকিৎসক সকলে কৈছে এইটোৱে তেওঁৰ বেমাৰ"- মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয়।

ক’ভিড প্ৰ’টকলৰ বাবে আহল- বহলকৈ বাছত তেওঁক অনা হৈছিল বুলিও ডঃ শৰ্মাই কয়।

Your Comments