
ক'ৰ’নাৰ দ্ৰুত বৃদ্ধিৰ বাবে কামৰূপ (ম) জিলাত বুধবাৰে পুনৰ দুটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা হিচাপে ঘোষণা কৰা হয়।
আজাৰা চাৰ্কুলৰ তাঁতীমৰা গাওঁক ১৪দিনলৈ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে।উত্তৰে গোপাল কুমাৰ নাথ ৰেচিডেন্স, দক্ষিণে বাইলেন, পূবে ফুলমাই দাস ৰেচিডেন্স, পশ্চিমে ভেকেন্ত প্লটলৈকে ঘোষণা কৰা হৈছে কন্টেইনমেণ্ট জ’নৰ সীমা।
একেদৰে সোণাপুৰ চাৰ্কুলৰ অন্তৰ্গত লুৰী গাঁওক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।উত্তৰে-ডিগাৰু নদী, দক্ষিণে লুৰী এনচি, পূবে ভকুৱাগুগ গাঁও আৰু পশ্চিমে নৰটাপ গাঁওলৈকে কন্টেইনমেণ্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে।
- Log in to post comments
- 21 views