
ক'ৰ’নাৰ দ্ৰুত বৃদ্ধিৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। ডঃ শৰ্মাৰ চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠকত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ক'ৰ’না প্ৰতিৰোধ সন্দৰ্ভত আলোচনা হয় বৈঠকত।বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কেবিনেটৰ দুই মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই অৱগত কৰে।
বৈঠকত লোৱা ৪টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে-কেবিনেট মৰ্যদা লাভ কৰিব বিটিচি চীফ, কাৰ্বি আংলং চিইএম আৰু ডিমা হাছাও চীফে।
ৰাজ্য মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াক নিযুক্তি প্ৰদান।বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঁইক কেবিনেটে সন্মান আৰু ধন্যবাদ জ্ঞাপন কৰে।
জিলা ভিত্তিত ৰাজ্যৰ উন্নয়নৰ বাবে ইনচার্জ মিনিষ্টাৰৰ পৰিৱৰ্তে গাৰ্জেন মিনিষ্টাৰ নিযুক্তি দিয়া হ’ব।যিখন জিলাৰ দায়িত্ব যি গৰাকী মন্ত্ৰীয়ে লাভ কৰিব তেওঁ সেইখন জিলাৰ উন্নয়ন, অন্যান্য আইন-শৃংখলা সকলো বিষয় তদাৰক কৰিব লাগিব আৰু যদি কোনো সমস্যা থাকে উপায়ুক্ত বা জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী বা মন্ত্ৰীসভাক জনাই জিলাখনৰ উন্নয়নৰ কাম কৰিব।
ৰাজ্যত অক্সিজেন যোগানৰ যাতে নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্যত কোনো ব্যক্তি-প্ৰতিষ্ঠানে অক্সিজেনৰ নতুন প্লান্ট স্থাপন কৰিলে এটা বছৰ এশ শতাংশ বিনামূলীয়া হ'ব বিদ্যুৎ সেৱা।
একেদৰে বন্ধ হৈ থকা অক্সিজেন প্লান্ট নতুনকৈ কাৰ্যক্ষম কৰিবলৈ বিচাৰিলে তাতো ১০০% বিদ্যুত সেৱা বিনামূলীয়া কৰিব চৰকাৰে।
বৰ্তমান চলি থকা অক্সিজেন প্লান্টত উৎপাদন বৃদ্ধিৰ বাবে অতিৰিক্ত ভাৱে প্লান্ট স্থাপন কৰিলে নতুনকৈ স্থাপন কৰা অংশত বিদ্যুৎ সেৱা ১০০শতাংশ চৰকাৰে ব্যয় কৰিব।
ৰাজ্যৰ বৰ্তমান চলি থকা অক্সিজেন প্লান্টৰ ২০ শতাংশ বিদ্যুৎ ব্যয় বহন কৰিব চৰকাৰে।
উল্লেখ্য যে সমগ্ৰ ব্যৱস্থাই চলিত বৰ্ষৰ ১জানুৱাৰীৰ পৰা সামৰি ল’ব।বিত্তীয় বৰ্ষ হিচাপত চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ২০২২ চনৰ ৩১মাৰ্চলৈকে সামৰি ল’ব। সংবাদ মাধ্যমক এই কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী তথা কেবিনেট মুখপাত্ৰ কেশৱ মহন্তই।
- Log in to post comments
- 45 views