শিল্পী অৰুণ দাসক চৰকাৰৰ ১লাখ টকাৰ সাহায্য, দিয়া হ’ব শিল্পী পেঞ্চন- মন্ত্ৰী বিমল বৰা

Bimal Bora-Arun Das

প্ৰবীণ শিল্পী অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ সাহায্য। এক লাখ টকাৰ এককালীন সাহায্য শিল্পী গৰাকীক আগবঢ়াই সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই।শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী বৰাই এক লাখ টকাৰ চেক্‌ প্ৰদান কৰে।

উল্লেখ্য যে ক'ৰ’নাত আক্রান্ত শিল্পী গৰাকীয়ে কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থাকি মঙলবাৰে সুস্থ হৈ ঘৰলৈ ঘুৰি আহিছে।পত্নীৰ সৈতে ক’ভিডত আক্রান্ত শিল্পী গৰাকী আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছিল।চিকিৎসালয়ৰ পৰা শিল্পী গৰাকীক নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পী জুবিন গাৰ্গ, জয়ন্ত কাকতিয়ে মঙলবাৰে ঘৰলৈ আনে।

দুদিন পূৰ্বে শিল্পী গৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।আৰ্থিক সহায় বিচাৰি কাতৰ আহ্বান জনাইছিল শিল্পী গৰাকীয়ে।

ইফালে সাহায্য প্ৰদান কৰি মন্ত্ৰী বৰাই কয়- আৰ্থিক দৈন্যতাত ভোগা শিল্পী, কলা কুশলীক চৰকাৰে প্ৰদান কৰিব সাহায্য।অৰুণ দাসক অসম চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াব বুলিও তেওঁ ঘোষণা কৰে।

Your Comments