"মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰচেষ্টাত জয়পুৰ বৰ্ষাৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হৈছে"-সৌম্যদীপ দত্ত

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ প্ৰশংসাৰে উপচাই পেলালে পৰিৱেশকর্মী সৌম্যদীপ দত্তই।

গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে সংবাদমেল সম্বোধন কৰি 'নেচাৰ্ছ বেকন'ৰ সঞ্চালক সৌম্যদীপ দত্তই কয়-"জয়পুৰ বৰ্ষাৰণ্য ধ্বংসৰ বাবে দায়ী পূৰ্বৰ চৰকাৰ।সোণোৱাল নেতৃত্বাধীন চৰকাৰখন ইয়াৰ বাবে দায়ী নহয়।বৰ্তমানৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰচেষ্টাত বৰ্ষাৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হৈছে।"

ক'ল ইণ্ডিয়া আৰু অইল ইণ্ডিয়া লিমিটেডক বৰ্ষাৰণ্য খননৰ বাবে পূৰ্ব চৰকাৰে লিজত দিয়া বুলি উল্লেখ কৰে দত্তই।কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কোনো চৰকাৰৰ নিৰ্দিষ্ট নাম তথা মন্ত্ৰীৰ নাম প্ৰকাশ নকৰিলে।

গুৰুত্বপূৰ্ণ যে ২০২৩ চনলৈকে লিজৰ ম্যাদ আছে খননৰ বাবে।ইফালে,নিৰ্দিষ্ট সময়ৰ ভিতৰত খনন সম্পূৰ্ণ নহ'লে লিজৰ সময় স্বতঃস্ফূৰ্তভাৱে বৃদ্ধি হ'ব বুলিও তেওঁ লগতে কয়।

Your Comments