
হাজোৰ বিশেষ প্ৰতিবেদক,১৫জানুৱাৰী:
ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ আজিৰে পৰা তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হৈছে এমাহজোৰা মহামিলনৰ পৰম্পৰাগত উৎসৱ ক্ৰমে "উৰুচ মেলা" আৰু "মাঘী মেলা" তথা "মণিকূট" উৎসৱ। তদুপলক্ষে দূৰ-দূৰণিৰ পৰা অহা পৰ্যটক-তীৰ্থযাত্ৰী আৰু ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগমত দলদোপ-হেন্দোলদোপ হৈ পৰা হাজোৰ চৌদিশে এতিয়া উদুলি-মুদুলি পৰিৱেশ।
পোৱামক্কা দৰগাহৰ পৰা ভাহি অহা মুছলমানৰ 'আজান'ৰ ধ্বনি,হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা ভাহি অহা হিন্দুৰ 'শংখ'ধ্বনিৰ সৈতে বিলীন হৈ পৰা মহাক্ষণতে নিতৌ পুৱা সাৰ পায় উঠা হাজোবাসী ৰাইজৰ এই মহামিলনৰ উৎসৱক লৈ উৎসাহ-উদ্দীপনাৰ অন্ত নাই।কথিত আছে যে অতীজত পোৱামক্কাৰ 'খাদিম'গৰাকীয়ে সতীৰ্থসহ মাঘ বিহুৰ পহিলা দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰৰ' দলৈ'ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল-মংগল কামনাৰে দোৱা- প্রাৰ্থনা কৰিছিল।মন্দিৰৰ 'দলৈ'গৰাকীয়েও বিহুৰ পিঠা-পনাৰে খাদিম আৰু তেওঁৰ সতীৰ্থসকলক আপ্যায়ন কৰাৰ পিছত মন্দিৰ দর্শন কৰাইছিল।হিন্দু-মুছলমানৰ সেই অপূৰ্ব মিলনৰ স্মৃতিকে চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস হিচাপে হাজোত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা অনুষ্ঠিত হৈ আহিছে উৰুচ মেলা আৰু মাঘী মেলা তথা মণিকূট উৎসৱ।সেই অপূৰ্ব মিলনৰ স্মৃতি-সম্প্ৰীতি-সমন্বয়ৰ আদৰ্শক বিশ্বৰ দৰবাৰত বহুল প্ৰচাৰৰ বাবে কালক্ৰমত।'মণিকূট'উৎসৱ উপলক্ষে প্ৰতি বছৰে পহিলা মাঘত ছাত্ৰ সন্থাই আয়োজন কৰি অহা 'সমন্বয় শোভাযাত্ৰা' এইবেলিও হাজোৰ পোৱামক্কা দাৰগাহৰ নামনিৰ পৰা আৰম্ভ কৰি মাধৱ মন্দিৰ প্ৰাংগণত সামৰণি মৰা হয়।
আজি পুৱা ৯ বজাত হাজো 'আছু'ৰ সভাপতি নৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক তপন দাসে ক্ৰমে 'আছু'ৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰাৰ পিছত উচাহৰ বন্যাত হিল-দল ভাঙি অহা হাজোবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগত হাজো 'আছু'ৰ উদ্যোগত দিনৰ ১১বজাত উলিওৱা এই বৰ্ণিল শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে পোৱামক্কা দৰগাহৰ 'খাদিম' তৌফিকুৰ হুছেইন আৰু মাধৱ মন্দিৰৰ 'দলৈ'শিৱ প্ৰসাদ শৰ্মাই। প্ৰেম,ভ্ৰাতৃত্ববোধ আৰু সমন্বয়ৰ মহান বাণীৰ সংকল্প লৈ দুষ্কৃতি- জাতি,ধৰ্মৰ নামত আঁহফলা ৰাজনীতিৰ পোহাৰ মেলা অপশক্তিক মানৱ সমাজৰ পৰা হুৰাই দিবলৈ আয়োজিত এই বৰ্ণিল 'সমন্বয় শোভাযাত্ৰা'ত অংশগ্ৰহণ কৰা হাজাৰ-হাজাৰ লোকৰ মাজত আছিল ক্ৰমে-অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া,সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ,সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা,সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাস,'আছু'নেতা নিৰোদ কুমাৰ দাস,সদৌ কামৰূপ জিলা 'আছু'ৰ সভাপতি ভৱজ্যোতি ডেকা, সাধাৰণ সম্পাদক পংকজ কলিতা,আছু নেতা ইমদাদুৰ ৰহমান,ৰুবুল চন্দ্ৰ দাস,সুৰজিৎ কলিতা,প্ৰাক্তন আছু নেতা দিবাকৰ কলিতা,শিল্পী অতিথি ক্ৰমে-- দীক্ষু,দীপলিনা ডেকা,জীনা ৰাজকুমাৰী,অশ্বিনী ডেকা হাজোৰ চক্ৰ বিষয়া (সংলগ্ন) স্নিগ্ধা ভট্টাচার্যৰ লগতে হাজো সাংবাদিক সন্থা,হাজো অঞ্চলৰ ভালেমান স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী আৰু হাজোৰ ৰাইজ।বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰি হাজো অঞ্চলৰ ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে মূলপথৰ দুয়োকাষে দুশাৰী হৈ জিকিৰ-জাৰী পৰিৱেশন কৰি, গায়নে-বায়নে খোল-তাল লৈ,আয়তীসকলে নাম-কীৰ্তন কৰি, বিহুৱা দলে নাচি-বাগি,চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য,বড়ো জনগোষ্ঠীয় বাগৰুমবা-খেৰাই নৃত্য, জয়ৰাম দাসৰ 'সতী জয়মতী আৰু জেৰেঙা পথাৰ' নামৰ বাহনত উপবিষ্ট জীৱন্ত প্ৰতিকৃতি,একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ যোৱা মনোৰম দৃশ্যই পথৰ দুয়ো কাষে অধীৰ আগ্ৰহেৰে ৰৈ থকা সদৌটি ৰাইজৰ মন মোহিত কৰে।শোভাযাত্ৰাত অংশগ্ৰহনকাৰী হেজাৰ -হেজাৰ লোকক প্ৰতিটো পৰিয়ালে পদূলিমুখত ৰৈ দুহাত জোকাৰি আদৰণি জনোৱা দৃশ্য আছিল সঁচাকৈয়ে অপূৰ্ব মোহনীয়।
ইফালে, "সমন্বয় শোভা" যাত্ৰাৰ অন্তত বিয়লি ১.০০বজাত হাজোৰ মাধৱ মন্দিৰৰ নামনিত দোমোঠাৰ গুৰিত হাজো "আছু"ৰ সভাপতি নৱজ্যোতি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাৰ শুভ উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয়:"তীৰ্থ নগৰী"হাজোৰ সম্প্ৰীতি-সমন্বয়ে যুগে যুগে বিশ্বৰ বুকুত বিৰল নিদৰ্শন দাঙি ধৰি আহিছে।সাম্প্ৰদায়িক শক্তিয়ে হাজোৰ সম্প্ৰীতি-সমন্বয় কেতিয়াও বিনষ্ট কৰিব নোৱাৰে। মাধৱ মন্দিৰৰ 'দলৈ'ক নিৰ্বাচিত কৰিবলৈ ভোট দিয়ে মুছলমানে এই হাজোতেই।এনে বিৰল দৃষ্টান্ত বিশ্বৰ বুকুতেই বিৰল।বিভেদকামী শক্তিক ওফৰাই হাজোৱে সদায় সম্প্ৰীতিৰ বাৰ্তা বিশ্বত বিলাই আহিছে।
এই মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয়: জাতি-ধৰ্ম-ভাষা-বৰ্ণ ডাঙৰ কথা নহয়,মানৱতাবোধ -সমন্বয় জীয়াই ৰখাটোহে আচল কথা।ইতিহাসৰ পাতত মানৱতাৰ বিৰোধী-পৰিপন্থী বহু ঘটনা দেখিবলৈ পাওঁ যদিও হাজোত তেনে ঘটনাৰ দৃষ্টান্ত পাবলৈ নাই।আমাৰ মাজত কোনো ভেদাভেদ নাই, সেয়া হাজোৰ সমন্বয় শোভাযাত্ৰাই দৃষ্টান্ত দেখুৱাই আহিছে ।ভাষণ প্ৰসংগত সভাপতি শইকীয়াই পুনৰ কয়:ভাষা-সংস্কৃতিকলৈ একোটা জাতি জীয়াই থাকে।সেয়ে নিজৰ ভাষা-সংস্কৃতিক লৈ প্ৰতিজন ব্যক্তি দায়বদ্ধ হোৱা উচিত।অসম সাহিত্য সভা অকল সাহিত্যিকৰ বাবে নহয়, জাতি-সংস্কৃতিক ভালপোৱা প্ৰতিজন ব্যক্তিৰ বাবে সাহিত্য সভাৰ দুৱাৰ সদায় খোলা থাকিব। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ
সম্পাদক শংকৰ জ্যোতি বৰুৱাই ভাষণ প্ৰসংগত কয়: বিশ্ব ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন হ'ল হাজোৰ সমন্বয় শোভাযাত্ৰা।বিভেদকামী শক্তিয়ে হাজোৰ সমন্বয় শোভাযাত্ৰাৰ পৰা শিকনি লোৱা উচিত।উদাৰ মানৱীয় দৃষ্টিৰে সকলোৱে হাতে হাত ধৰি বাট বুলিলে সমাজত ধৰ্মীয় মেৰুকৰণে গা কৰি উঠিব নোৱাৰে।বিশেষকৈ ভাৰত বৰ্ষৰ অন্য ৰাজ্যত জাতি-ধৰ্মৰ নামত ভাগ ভাগ কৰিব পৰিলেও অসমৰ জনগণক ধৰ্মৰে বিভাজিত কৰিব নোৱাৰে,সম্প্ৰীতিৰ নিদৰ্শন হাজোক জাতি-ধৰ্মৰ নামত ভাগ ভাগ কৰিব নোৱাৰে।তেওঁ ভাষণ প্ৰসংগত পুনৰ কয়:অসমৰ জনগণক ধৰ্মৰ নামত ভাগ ভাগ কৰিব খোজা ষড়যন্ত্ৰকাৰীসকলক আমি প্ৰতিহত কৰিব লাগিব।অসমীয়া ভাষা, জাতি,সংস্কৃতি বিনাশ কৰিব খোজা ষড়যন্ত্ৰ কাৰী সকলক আমি প্ৰতিহত কৰিব লাগিব।
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় ভাষণ প্ৰসংগত কয়: অসমৰ মানুহৰ ধৰ্মীয় মেৰুকৰণ নাই।একাংশ ই ৰাজনৈতিক উদ্দেশ্যতহে ধৰ্মীয় বিভেদ সিঁচিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে যদিও তেওঁলোক সফল হব পৰা নাই।অসমৰ স্বাভিমান তীৰ্থ নগৰী 'হাজো',অসমীয়া সমাজ জীৱনৰ সত্বা।ৰাজনীতিয়ে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ ভাঙে। অসম তথা হাজোৰ সংস্কৃতিত বিভেদ - বিভাজন নাই। হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা আমাৰ সত্বা।
'আছু'নেতা প্ৰাণজিত দেউৰীয়াই আঁত ধৰা সভাত শিল্পী দীক্ষু, জীনা ৰাজকুমাৰী,দীপলিনা ডেকাই সমন্বয়ৰ গীত গাই ৰাইজক আপ্লুত কৰাৰ লগতে আজিৰ এই মহাক্ষণত আহি সকলোৱে ধন্য মনাৰ এক বিৰল অনুভৱৰ কথা দোহাৰি অদূৰ ভৱিষ্যতেও তেওঁলোকে মণিকূট উৎসৱৰ বৰ্ণিল 'সমন্বয় শোভাযাত্ৰা'ত অংশগ্ৰহণ কৰিবলৈ খুবেই আগ্ৰহী বুলি মনৰ সদিচ্ছা ব্যক্ত কৰে।
- Log in to post comments
- 120 views