
নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ নিচেই কাষৰ মৰিকলং-কেঁচাআলি পথত আজি পুৱতি নিশা এক অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰামতে, আজি পুৱা প্ৰায় ৪মান বজাত নাৰায়ণ সিঙৰ "মা-কালিকা ষ্টোৰ" নামৰ গেলামালৰ দোকানখনত এক জুইৰ সূত্ৰপাত হৈ অগ্নিকাণ্ডটো সংঘটিত হয় ।
ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয় । ঘটনা সংঘটিত হোৱাৰ কিছুসময় পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ ৰাইজৰ প্ৰচেষ্টাত এই জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । আগ্নিকাণ্ড কি কাৰণত সংঘটিত হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
- Log in to post comments
- 2 views