
নামনি অসমৰ বহু প্ৰত্যাশিত তথা বহু সমস্যাৰে জৰ্জৰিত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন আজি পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷
চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সমস্যাৰ বুজ লয় ৷ পিছত অধ্যক্ষ, অধীক্ষকৰ লগতে অন্যান্য বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷
"মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া" ৰ প্ৰতিনিধিৰ দলে চিকিৎসা মহাবিদ্যালয় হাস্পতালখন পৰিদৰ্শন কৰাৰ সময়ত যাতে এই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনে ভাল ফলাফল লাভ কৰিব পাৰে তাৰবাবে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ প্ৰতিগৰাকী চিকিৎসক আৰু কৰ্মচাৰীসকলক নিজৰ কৰণীয়খিনি কৰি যোৱাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, সাংবাদিকৰ সৈতে হোৱা কথোপকথনত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়তো স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব ৷
- Log in to post comments
- 8 views