কেৱল বনাঞ্চলতে নহয়, চিৰিয়াখানাতো বৰ্তমানে সুৰক্ষিত নহয় জীৱ-জন্তু

zoo_assam

বিগত সময়ছোৱাত অসম ৰাজ্যিক চিৰিয়াখানাত চলি থকা অবাধ দুৰ্নীতিৰ আৰু অনিয়মৰ বিৰুদ্ধে আজি এক সংবাদ মেলৰ আয়োজন কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই ৷ মঞ্চৰ কাৰ্যালয়ত অনুষ্ঠীত হোৱা উক্ত সংবাদ মেলখন চিৰিয়াখানা সুৰক্ষা মঞ্চৰ হৈ সম্বোধন কৰে জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱি তথা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উপদেষ্টা অদীপ কুমাৰ ফুকনে ৷ সংবাদ মেলখনত তেওঁ সদৰি কৰে যে বিভাগীয় উদাশীনতা তথা চিৰিয়াখানাৰ একাংশ দায়িত্ববাহী বিষয়াৰ দায়িত্বহীন আচৰণ তথা অবাধ দুৰ্নীতিয়ে চিৰিয়াখানাখনক দিনে দিনে ধ্বংসৰ মুখলৈ ঠেলি দিছে ৷

চিৰিয়াখানা খনৰ বৰ্তমানৰ ডি এফ অ গৰাকীৰ অবাধ লুণ্ঠন আৰু অকৰ্তৃত্বশীল আচৰণে চিৰিয়াখানাত বৰ্তমানে থকা জীৱ-জন্তুবোৰৰ জীৱনলৈ সংশয় নমাই আনিছে বুলি অভিযোগ কৰি উপদেষ্টা ফুকনে কয় যে এই  গৰাকী ডি এফ অৰ নেতৃত্বতে চিৰিয়াখানাৰ ১৭৫ হেক্টৰৰ এক বিশাল ভূ-খণ্ড বহিৰাগত বেপাৰীক তুলি দিছে ৷ এই ১৭৫ হেক্টৰ মাটিত পঞ্চ তাৰকাযুক্ত এখন হোটেল খোলাৰো ষড়যন্ত্ৰ চলিছে বুলি তেওঁ লগতে অভিযোগ কৰে । আনহাতে যোৱা কেইদিনত চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তুবোৰৰ মৃত্যুৰ এক বিভ্ৰান্তিমূলক তথ্য সদৰী কৰিছিল বুলি অভিযোগ কৰি তেওঁ পুনৰ কয় যে যিটো সময়ত চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাখনত সৰ্বমুঠ ১১২৩টা বিভিন্ন জীৱ-জন্তু আছে বুলি দাবী কৰি আহিছে তেনে সময়তে ইন্টাৰনেটত তেওঁলোকেই প্ৰকাশ কৰা জীৱ-জন্তুৰ তালিকাখনত দাবী কৰা সংখ্যাতকৈ ৩৭৫টা জীৱ-জন্তু কমকৈ দেখুৱাইছে ৷

এনে বিভ্ৰান্তিমূলক পৰিসংখ্যাত আশ্বৰ্য প্ৰকাশ কৰি তেওঁ কয় যে চিৰিয়াখানাৰ জীৱ-জন্তুৰ এক ৰাজহুৱা গণনা আৰম্ভ কৰিব লাগে যাতে সকলো মানুহেই চিৰিয়াখানাত কিমান জীৱ-জন্তু আছে তাৰ সঠিক তথ্য জানিব পাৰে ৷ বৰ্তমানে চিৰিয়াখানাৰ জীৱ-জন্তুবোৰক খোৱা পানী আৰু সঠিক পৰিমাণত খাদ্য বস্তুয়ো যোগান নধৰে বুলি তেওঁ চিৰিয়াখানা কৰ্তৃপক্ষৰ ওপৰত আন এক গুৰুতৰ অভিযোগ আনে ৷ ইয়াৰ দ্বাৰা জীৱ-জন্তুবোৰক সংকটত পেলাই মৃত্যু মুখত পেলাবলৈ কৰ্তৃপক্ষই এক ভয়ঙ্কৰ ষড়যন্ত্ৰ ৰচিছে বুলি আন এক গুৰুতৰ অভিযোগ কৰি জ্যেষ্ঠ সাংবাদিকজনে কয় যে চিৰিয়াখানাখন জীৱ-জন্তুহীন কৰি তাৰ সম্পদখিনি লুণ্ঠনৰ স্বাৰ্থতেই এনে কৰা হৈছে । এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক চিৰিয়াখানাত চলি থকা দুৰ্নীতি অনিয়মৰ এক তদন্ত কৰিবলৈ তেওঁ আহ্বান জনায় ৷ সংবাদ মেলখনত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ হৈ ৰাজকুমাৰ বৈশ্যৰ লগতে আন কেইবাজনো বিষয়ববীয়া  উপস্থিত থাকে ।
 

Your Comments