
জীৱনৰ কালৰ অধিক সময় ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জ্ঞানৰ পোহৰ বিলাই নিজে ঘোৰ অমানিশাৰ ফালে গতি কৰা এজন নগঁঞা শিক্ষক । বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি অৱশেষত চকু পানী টুকি খালি হাতে অৱসৰ গ্ৰহন কৰিলে আকৌ এজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষক গৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা । তেখেতৰ ঘৰ নগাঁৱৰ চকলাঘাটত । এই গৰাকী শিক্ষকে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতলস্হিত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়ত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’বলগীয়া হৈছে ।
২৪ বছৰীয়া কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহন কৰা শিক্ষকগৰাকীক দেওবাৰে বিদ্যালয়খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাবে বিদায় জনোৱা হয়।সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰক বিদায় দিবলগীয়া হোৱাত সকলো আবেগিক হৈ পৰে । স্থানীয় ৰাইজ আৰু বিদ্যালয় কতৃপক্ষই শৰাই, প্ৰশস্তি পত্ৰ, কিতাপৰ টোপোলাৰে শিক্ষক গৰাকীক বিদায় সম্ভাষন জনায় । অশেষ কষ্ট স্বীকাৰ কৰিও আজিলৈকে তেখেতে নিয়মিয়াকৈ চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন নাপালে । টিউচন কৰি পেটে-ভাতে খাই থকা এই দুৰ্ভগীয়া শিক্ষক গৰাকীয়ে । বিনা পেঞ্চনৰে বৃদ্ধ বয়সত ৰূগীয়া পত্নী আৰু নিজৰ কি হ’ব সেয়া ভাৱিয়েই যেন এতিয়া সন্দিহান হৈ পৰিছে শিক্ষকগৰাকী ৷
শিক্ষকগৰাকীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যে তেখেতৰ দৰে দুৰ্ভগীয়া শিক্ষকসকলে অৱসৰৰ পিছত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক চৰকাৰে । বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
উল্লেখ্য জাজৰি বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল । ১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে । বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ উদাশীনতাৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল । যাৰ ফলস্বৰূপে শিক্ষকতাৰ দৰে মহান বৃত্তিত জৰিত হৈয়ো বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাপ্য বেতন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
- Log in to post comments
- 31 views