
দেশৰ পূৰ্ব প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্র দেশৰ লগতে ধুবুৰী জিলাবাসীও শোকত মৰ্মাহত হৈছে ৷
দেওবাৰে ধুবুৰী জিলাৰ চাপৰ গান্ধী ময়দানত দিনজোৰা কার্যসূচীৰে প্রয়াত প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷
সেই উপলক্ষে পুৱা ১০ বজাত বাজপেয়ীৰ ছবিত মাল্যদান, শ্রদ্ধাঞ্জলি জ্ঞাপনৰ পিছত সর্বধর্ম প্রাৰ্থনা অনুষ্ঠিত হয় ৷
গীতা-কোৰাণৰ শ্লোকেৰে প্রাৰ্থনা আৰম্ভ হয় ৷ প্রয়াত প্রধান মন্ত্রীগৰাকীক শ্রদ্ধাঞ্জলি জনাবলৈ বিজেপিৰ দলীয়-কর্মকৰ্তাৰ উপৰি চাপৰবাসী ৰাইজ উপস্থিত হয় ৷
শ্রদ্ধাঞ্জলী অনুষ্ঠানত নগৰ সমিতিৰ সভাপতি আনছাৰ আলী আহমেদ, দলীয় সভাপতি হৰকুমাৰ ৰায়, সম্পাদক দয়াময় দাস উপস্থিত থাকে ৷
- Log in to post comments
- 13 views