
আজি ডিমাছা ৰজা তুলাৰাম সেনাপতিৰ অষ্টম আজোনাতি ধৰ্মেশ্বৰ কোঁৱৰ হাচনুৰ আদ্যশ্ৰাদ্ধ । আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত থাকে বিধায়কৰ পৰা জাতীয় নেতালৈ ।
আদ্যশ্ৰাদ্ধত বিশেষ অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰৰ কোঁচ ৰজা প্ৰণৱ নাৰায়ণ দেৱ । ডিমাছা সম্প্ৰদায়ৰ শেষৰজন ৰজা ধৰ্মেশ্বৰ কোঁৱৰৰ আদ্যশ্ৰাদ্ধ শনিবাৰে নগাঁও জিলাৰ কামপুৰৰ নিজ কামপুৰ গাঁৱত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
আদ্যশ্ৰাদ্ধত উপস্থিত থাকি ৰজা ধৰ্মেশ্বৰ কোঁৱৰক শ্ৰদ্ধাঞ্জলি জনায় কমতাপুৰৰ ৰজা প্ৰণৱ নাৰায়ণ দেৱে । কোঁচ ৰজাজনে অসমৰ জাতীয় সংকটৰ সময়ত সকলো জনগোষ্ঠীকে একত্ৰিত হ'বলৈ আহ্বান জনায় ।
কমতাপুৰৰ ৰজাজনে চৰকাৰে ৰাজপৰিয়ালক প্ৰৱঞ্চনা কৰা বুলি উল্লেখ কৰাৰ লগতে ৰাজপৰিয়ালৰ মাটিসমূহ সংৰক্ষিত নকৰাৰ বাবে সেই মাটি বেদখলকাৰীৰ কবলত পৰা বুলি মন্তব্য কৰে ৷
ইফালে আদ্যশ্ৰাদ্ধত ডিমাছা ছাত্ৰ সন্থা, ডিমাছা ৰাইটাৰ্ছ ফ'ৰামকে ধৰি অসমৰ কেইবাটাও জনগোষ্ঠীৰ লোক উপস্থিত থাকি মৃত ৰজা ধৰ্মেশ্বৰ কোঁৱৰক শ্ৰদ্ধাঞ্জলি জনায় ।
- Log in to post comments
- 51 views