
নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ এজন বিচাৰাধীন কাৰাবন্দীৰ আজি পুৱা ৰহস্যজনক কাৰণত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, জিলাখনৰ শান্তিজান অঞ্চলৰ নিবাসী আনাৰুল হুছেইনে(৩০)নামৰ লোকজন নগাঁও কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় তিনিমাহ ধৰি কাৰাবন্দী হৈ আছিল। এই লোকজনে তিনি মাহ পুৰ্বে নগাঁৱৰ কদমতল অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত তেওঁক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। কালি বিয়লি কাৰাবন্দী লোক জন হঠাৎ অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ কাৰাগাৰ কৰ্তৃপক্ষই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত আজি পুৱা তেওঁৰ মৃত্যু হয় । কাৰাগাৰ কৰ্তৃপক্ষই দাবী কৰা মতে, হৃদ ৰোগত আক্ৰান্ত হোৱাত এইদৰে তেওঁৰ আকস্মিক মৃত্যু হয় ।
কিন্তু এই মৃত্যুক সহজভাবে লোৱা নাই ভুক্তভোগী পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, কালিলৈকে সুস্থ হৈ থকা মানুহজন হঠাৎ অসুস্থ হৈ মৃত্যুমুখত পৰা ঘটনাই তেওঁৰ মৃত্যুৰ বিষয়টো সন্দেহৰ আওতাত সোমাই পৰিছে। আনাৰুলৰ মৃত্যু কোনো কাৰণত স্বাভাৱিক নহয়। এই সন্দৰ্ভত এক তদন্ত দাবী জনাইছে পৰিয়ালৰ লোকে। ইপিনে, ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰি কাৰাগাৰ কৰ্তৃপক্ষই মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিছে।
- Log in to post comments
- 9 views