
গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰ্গ নাৰায়ণ বৰা (৫৪)লৈ আজি গোলাঘাট জিলা আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ আৰক্ষীৰ সন্মানেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় |
উল্লেখ্য যে যোৱা বুধবাৰে কাৰ্যালয়ৰ পৰা নিজ চৰকাৰী আৱাসলৈ যোৱাৰ পিছতে হাঠৎ উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হোৱাত গুৱাহাটীস্থিত জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিলে অ' চি বৰাক ।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় নিষ্ঠাৱান আৰক্ষী বিষয়াজনে । উল্লেখ্য যে ২০১৫ চনত গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বদলি হৈ অহা গৰ্গ নাৰায়ণ বৰা সৎ আৰু কৰ্ম নিষ্ঠাৱান হিচাপে জনসাধাৰণৰ মাজত পৰিচিত আছিল ।
তেওঁৰ মৃত্যুৰ খবৰ পাই গুণমুগ্ধ সহস্ৰাধিক লোকে ভিৰ কৰে সদৰ থানাত । নগাঁও জিলাৰ পুৰণিগুদামৰ হালোৱাগাঁও নিৱাসী গৰ্গ নাৰায়ণ বৰাই মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যা ইহসংসাৰত এৰি থৈ গৈছে ।
আজি জিলা সদৰ থানালৈ মৃতদেহ অনাৰ পিছত গোলাঘাট জিলাৰ গুণমুগ্ধসকল আহি উপস্থিত হোৱাৰ লগতে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । শ্ৰদ্বাঞ্জালি অনুষ্ঠানত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা, গোলাঘাট জিলাৰ আপকুৰ সভাপতি নবীন গোসাঁই আৰু সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী, গোলাঘাট জিলা সাহিত্য সভা, গোলাঘাট জিলা প্ৰেছ ক্লাবৰ সভাপতি দেৱজিত
ফুকন, সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা, গোলাঘাট আছু, যুৱ-ছাত্ৰ পৰিষদ, জিলা সন্মিলিত মটৰ পৰিবহণ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন তথা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে |
সততে অসম আৰক্ষীৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে গৰ্গ নাৰায়াণ বৰাৰ দৰে আদৰ্শৱান আৰক্ষী বিষয়াৰ মৃত্যুত গোলাঘাট জিলাত শোকৰ ছাঁ পৰিছে ৷
- Log in to post comments
- 33 views