জুবিন ক্ষেত্ৰত শিল্পী দিৱস উদযাপন

A

নিউজ ডেস্ক:
 আজি জনতাৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস উপলক্ষে শিল্পী সুৰক্ষা সমাজ, অসমৰ আহ্বানত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গীত আৰু কথাৰে জনতাৰ শিল্পী জ্যোতিপ্ৰসাদৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত আহ্বায়ক মুকুল দত্ত, মুকুট লোচন কলিতা আৰু পংকজ কুমাৰ দাসে পৰিচালনা কৰা অনুষ্ঠানটিত অংশগ্ৰহণকাৰী সকলে দুস্কৃতি ৰূপী ধনতন্ত্ৰৰ বিৰুদ্ধে সাংস্কৃতিক অভিযান চলাই সাম্প্ৰতিক অসমৰ সাংস্কৃতিক জগতখনৰ সাংস্কৃতিক চিণ্ডিকেট (cultural syndicate)ৰ বিৰুদ্ধে যুঁজ দি জ্যোতিপ্ৰসাদ আগৰৱালাৰ আলোক যাত্ৰাক আগুৱাই নিবলৈ আহ্বান জনায়। অংশগ্ৰহণকাৰী সকলে মত প্ৰকাশ কৰে যে 'জ্যোতি প্ৰসাদ আগৰৱালাই এনে এখন অসমৰ সপোন দেখিছিল যিখন অসমৰ ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ গৰাকী হ'ব জনতা। কিন্তু আজি ধনতন্ত্ৰৰ বনিয়া গোষ্ঠীয়ে সমস্ত গ্ৰাস কৰিছে, আমাৰ জনতাক বিলৈ বিপত্তিয়ে জুৰুলা কৰিছে। ধনতন্ত্ৰৰ অৰ্থনীতি আৰু ৰাজনৈতিক ক্ষমতাৰ কুটিল নাগপাশৰ কবলত পৰি আমি আমাৰ প্ৰাণৰ শীঘ্ৰে জুবিন গাৰ্গক হেৰুৱালো।' অংশগ্ৰহণকাৰী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ন্যায় প্ৰদানৰ  যুঁজ আগুৱাই নিবলৈ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমৰ ৰাইজক একগোট হৈ সোচ্চাৰ হ'বলৈ আহ্বান জনায়।

 

Your Comments

Related Articles