বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে গুৱাহাটীত  লিঅ' এক্সপৰ আয়োজন:ব্ৰেণ্ড এম্বেচাদৰৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী

Pic

বিগত ১৮টা বছৰৰ সফলতাক শক্তি হিচাপে লৈ এইবাৰো লিঅ' এডভাৰটাইজিঙৰ বৃহৎ আয়োজন ১৯সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ। পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত অহা ২৫ অক্টোবৰৰ পৰা  ১৮ নৱেম্বৰলৈকে ২৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব মেলাখন।গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব লগা এইবাৰৰ লিঅ' এক্সপত সমাৱেশ ঘটিব বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ বাণিজ্য।তাৰ ভিতৰত অন্যতম থাইলেণ্ড, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা, ভিয়েটনাম,ঘানা আদি।ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰে পোহাৰ মেলিব লগা আন্ত:ৰাষ্ট্ৰীয় মেলাখনত থাকিব পৰম্পৰাগত বয়ন শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয়  সাজ-পাৰ, খাদ্য-সম্ভাৰ। এই কথা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে লিঅ' এক্সপৰ বিষয়ববীয়া মৃদুল কুমাৰ দত্তই। তেওঁ লগতে প্ৰকাশ কৰে বড়োলেণ্ডৰ উদ্যোগ আৰু বাণিজ্যিক বিভাগ আৰু এনএছআইচিয়েও এই এক্সপ'ত অংশগ্ৰহণ কৰিব। 

একেদৰে বহুৰাষ্ট্ৰীয় সংস্থা কেপচ, কুচিনা, পেনাচনিক,চেলো,জিঅ'লাইট আদি প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ সামগ্ৰীসমূহ ৰেহাই মূল্যত গ্ৰাহকক যোগান ধৰিব।ইয়াৰ সমান্তৰালকৈ গ্ৰাহকসকলে নিজৰ পচন্দ অনুযায়ী ফাৰ্নিচাৰ বজাৰতকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিয়ে মৃদুল কুমাৰ দত্তই।

প্ৰত্যেক দিনে পুৱা ১১বজাৰ পৰা ৰাতি ৯ বজালৈকে চলিব লগা লিঅ' এক্সপ'খনৰ মঞ্চ বিখ্যাত অপেৰা হাউচৰ আৰ্হিত নিৰ্মাণ কৰিব আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী নুৰুদ্দিন আহমেদে।উক্ত মঞ্চতে প্ৰত্যেক দিনে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।এই সাংস্কৃতিক অনুষ্ঠানত উপদেষ্টা হিচাপে আছে বিশিষ্ট শিল্পী মনীষা হাজৰিকা। বুধবাৰৰ সংবাদ মেলত মনীষা হাজৰিকা উপস্থিত থাকি  কয়- "লিঅ' এক্সপ কেৱল এখন বাণিজ্যিক মেলা নহয়, ই অসমৰ সমাজ-সাংস্কৃতিক এটা অনুষ্ঠান।"তেওঁ কয় যে এক্সপ'খনত প্ৰথম শ্রেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰী-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত অনুষ্ঠিত কৰা হ'ব চিত্ৰাংকন প্ৰতিযোগিতা।উক্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাতে প্ৰথম পুৰস্কাৰ ১৫ হাজাৰ টকাৰ লগতে এটা মিনি ফ্ৰীজ, দ্বিতীয় পুৰস্কাৰ ৯ হাজাৰ টকাৰ লগতে বৈদ্যুতিক কেটেল আৰু ৫ হাজাৰ টকা লগতে জুইচাৰ প্ৰদান কৰা হ'ব।ইয়াৰ সমান্তৰালকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীৰ কেজি আৰু নাৰ্ছাৰী শ্রেণীৰ কণ কণ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে প্ৰদান কৰা হব বঁটা। উল্লেখ যে এই প্ৰতিযোগিতাত যোগদান  কৰাৰ বাবে অন্তিম তাৰিখ ৭ নৱেম্বৰ।

অসমৰ উপৰিও মেঘালয়,পাটনাৰ দৰে ঠাইত আয়োজন কৰা  লিঅ' এক্সপত পূৰ্বৰ দুটা বছৰৰ দৰে এইবাৰো সাংবাদিক আৰু শিল্পী বঁটা প্ৰদান কৰা নহয়।এই কথা সংবাদ মেলত অৱগত কৰে এক্সপ'খনৰে জড়িত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে।

বিগত বর্ষত প্ৰায় ৫ লাখৰো অধিক জনসাধাৰণ সমাগম হোৱা এইবাৰৰ এক্সপ'ত ৮ লাখৰো অধিক লোকৰ সমাগম হ'ব বুলি আশা কৰিছে আয়োজক সকলে। এই সন্দৰ্ভত সংবাদমেলত লিঅ' এক্সপৰ ব্ৰেণ্ড এম্বেচাদৰ তথা অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়-"লিঅ' এক্সপ এতিয়া কেৱল ব্যৱসায়িক থলী হৈ থকা নাই,বৰ্তমান ই পৰ্যবসিত হৈছে এক উৎসৱলৈ।" লগতে অসমবাসীৰ ৰাইজক এই মেলালৈ আহি আয়োজকসকলক উৎসাহিত কৰাৰ বাবে আহ্বান জনায়।

Your Comments