১৯ আগষ্টত পৰাগ কুমাৰ দাস সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা

১৯ আগষ্টত পৰাগ কুমাৰ দাস সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা

দ্বিবিংশতিতম পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন অহা ১৯ আগষ্ট, দেওবাৰৰ দিনা পুৱা ১১ বজাৰ পৰা মহানগৰীৰ দীঘলীপুখুৰীপাৰত থকা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷

এইবাৰ প্ৰতিযোগিতাৰ বিষয় হৈছে- ‘কেৱল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়েহে অসমত অসমীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব’  (In the Opinion of he house- Only NRC can protect the identity and existence of Assamese people in Assam) ৷

প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা দুজনকৈ প্ৰতিযোগীয়ে (এজন সপক্ষে, আনজন বিপক্ষে) অংশগ্ৰহণ কৰাটো বাধ্যতামূলক ৷

প্ৰতিজনে বক্তব্য দাঙি ধৰাৰ বাবে পাঁচ মিনিটকৈ সময় লাভ কৰিব ৷ অসমৰ বিশিষ্ট সাংবাদিক তথা একালৰ বিশিষ্ট তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে সদৌ অসম ভিত্তিত কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে ৷

১৯ আগষ্টত পৰাগ কুমাৰ দাস সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা

প্ৰতিটো প্ৰতিযোগী দলে সংশ্লিষ্ট কলেজ-বিশ্ববিদ্যালয়ৰ মুৰব্বী তথা তৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰবক্তা, অধ্যাপকৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰমাণ-পত্ৰ আনিব লাগিব ৷

প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানত দলগতভাৱে বিজয়ী মহাবিদ্যালয়-বিশ্ববিদ্যালয়কেইখনে স্মাৰকসহ পৰাগ কুমাৰ দাস সোঁৱৰণি চলন্ত ট্ৰফী আৰু ব্যক্তিগতভাৱে প্ৰথম তিনিটা স্থান দখল কৰা শ্ৰেষ্ঠ তাৰ্কিক তিনিজনে স্মাৰকসহ সাত হেজাৰ টকা, পাঁচ হেজাৰ টকা আৰু তিনি হেজাৰ টকা নগদ ধন লাভ কৰিব ৷

পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সমিতিৰ সভাপতি উদয়াদিত্য ভৰালী আৰু সাধাৰণ সম্পাদক পৰম প্ৰকাশ গগৈয়ে অসমৰ সকলো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছে আৰু ইচ্ছুকসকলক ৯৪৩৫০-৪৪১৪০, ৯৪৩৫৩-০০৭৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

Your Comments